‘ছাৱা’ৰ ঘোষণাৰ পিছৰে পৰা এই ছবিখনক লৈ দৰ্শক অতিশয় কৌতুহলী হৈ পৰিছিল। ১৪ ফেব্ৰুৱাৰীত বিশ্বজুৰি মুক্তি পাইছিল ছবিখন। এই ছবিখনে দৰ্শকৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰিছে। ছাত্রপতি সম্ভাজী মহাৰাজৰ বীৰ কাহিনীৰ কথা কোৱা এই ছবিখন চাবলৈ দৰ্শকৰ ভিৰ কৰেহি। এই কাহিনীটো ডাঙৰ পৰ্দাত চাই আৱেগিক হৈ পৰিছে দৰ্শক।
বক্স অফিচত এক সুন্দৰ আৰম্ভণি কৰিছে বিকি কৌশল অভিনীত 'ছাভা'ই। প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনা ৰাজহ ব্যাপক বৃদ্ধি পালে। এতিয়া তৃতীয় দিনাৰ ‘ছাৱা’ৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে। দেওবাৰে ছবিখনে পূৰ্বৰ দুদিনতকৈ অধিক উপাৰ্জন কৰে। ছবিখনে যথেষ্ট প্ৰশংসা লাভ কৰিছে আৰু ইয়াৰ উপাৰ্জনও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।
শুকুৰবাৰে ভাৰতত মুক্তি পোৱা প্ৰথম দিনটোত ‘ছাৱা’ ছবিখনে ৩৩.১ কোটি টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা শনিবাৰে ‘ছাৱা’ই চমকপ্ৰদ পৰিমাণৰ ৩৯.৩ কোটি টকা উপাৰ্জন কৰে। ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাক্কানিলকৰ প্ৰতিবেদন অনুসৰি ‘ছাৱা’ মুক্তিৰ প্ৰথম দেওবাৰে অৰ্থাৎ মুক্তিৰ তৃতীয় দিনটোত ৪৮.৫ কোটি টকা উপাৰ্জন কৰে। ভাৰতত এই ছবিখনৰ তিনিদিনীয়া সংকলন ১১৬.৫ কোটি টকা হৈছেগৈ।
‘ছাৱা’ ছবিখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰাৰ লগতে সমালোচকসকলেও ছবিখনৰ প্ৰশংসা কৰিছে। বহুতে বিকি কৌশলক প্ৰশংসা কৰি কয় যে এই ছবিখনত তেওঁ নিজৰ কেৰিয়াৰৰ সৰ্বোত্তম অভিনয় কৰিছে। বিকি কৌশলৰ লগতে ছবিখনত অভিনয় কৰিছে ৰশ্মিকা মণ্ডন্না, অক্ষয় খান্না, বিনীত সিং, আশুতোষ ৰাণা, সন্তোষ জুভেকাৰ, দিব্য দত্ত, ডায়েনা পেণ্টী, ৰোহিত পাঠক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া