পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে অসম চি আই ডিৰ গোচৰ ৰুজু
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। অসম কেবিনেটৰ সিদ্ধান্তৰ পিছত সোমবাৰে অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগ (চি আই ডি)ৰ তৰফৰ পৰা পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ
অসম আৰক্ষীৰ চি আই ডি বিভাগ


গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। অসম কেবিনেটৰ সিদ্ধান্তৰ পিছত সোমবাৰে অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগ (চি আই ডি)ৰ তৰফৰ পৰা পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।

দৰাচলতে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ নেতা গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছিল। গৌৰৱ গগৈৰ সৈতে জড়িত এই বিতৰ্ক সন্দৰ্ভত দেওবাৰে অসম কেবিনেটে পাকিস্তানী অসামৰিক নেতা আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনাইছিল। ইয়াৰ পিছত অসম আৰক্ষীৰ চি আই ডিয়ে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আৰক্ষী মুখ্য কাৰ্যালয়ে জনোৱা মতে, পাকিস্তানী অসামৰিক নেতা আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে ইউ/এছ ৪৮/১৫২/৬১/১৯৭(১) বিএনএছ, ২০২৩ আৰ ডব্লিউ ধাৰা ১৩(১) আইন (U/s 48/152/61/197(1) BNS, 2023 RW Section 13(1) UA(P) Act)ৰ অধীনত চিআইডি পিএছত এফআইআৰ পঞ্জীয়ন কৰা হৈছে। সাংসদ গৌৰৱ গগৈৰ পত্নী আৰু এগৰাকী ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈয়ে এন জি অ’ লিড পাকিস্তানৰ প্ৰতিষ্ঠাপক আলী তৌকীৰ শ্বেখৰ অধীনত কাম কৰিছিল। আলী তৌকীৰ শ্বেখক পাকিস্তানৰ জল আৰু জলবায়ু পৰিৱৰ্তন বিষয়ৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয় আৰু তেওঁ লীড নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু প্ৰাক্তন মুখ্য কাৰ্যবাহী।

ভাৰত বিৰোধী তৌকীৰ আলী শ্বেখৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিবলৈ কেবিনেটে ডিজিপিক নিৰ্দেশ দিয়ে। ভাৰতৰ আলী তাকীৰ শ্বেখৰ সৈতে জড়িত সকলো ব্যক্তি আৰু সংস্থাৰ তদন্তৰ বাবেও কেবিনেটে নিৰ্দেশ দিছিল।

ইফালে মুখ্যমন্ত্রী ড০ শর্মাই নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে কয় যে অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি আৰক্ষীয়ে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু আন এজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে ৷ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এই বিষয়টো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। ইয়াক অসম আৰু ভাৰতৰ তদন্তকাৰী সংস্থাক গতাই দিয়া হ’ব। মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক ভিছা আৰু পাছপ’ৰ্টৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই এই বিষয়ত আদালতৰ কাষ চাপিবলৈ কয় ৷ লগতে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীক তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পৰা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত পাকিস্তান সন্দৰ্ভত বাকযুদ্ধ চলিছিল। মুখ্যমন্ত্ৰীৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যাৰ বাবেই ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। উভয় পক্ষৰ পৰা এতিয়াও অব্যাহত আছে অভিযোগ-প্ৰতিভিযোগৰ ধাৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande