নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্তৰ নাম বিবেচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ ব্লকত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কাইলৈ শেষ হ’ব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল।
পুৰণি ব্যৱস্থাৰ অধীনত তিনিজনীয়া নিৰ্বাচন আয়োগৰ আটাইতকৈ জ্যেষ্ঠ নিৰ্বাচন আয়ুক্তক মুখ্য নিৰ্বাচন আয়ুক্ত কৰা হৈছিল। অৱশ্যে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সৈতে জড়িত আইন অনুসৰি এতিয়া নতুন মুখ্য নিৰ্বাচন আয়ুক্তক এখন কমিটীৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যালয়ৰ চৰ্ত) আইন, ২০২৩ৰ অধীনত নতুন মুখ্য নিৰ্বাচন আয়ুক্ত বৰ্তমান আয়োগত অন্তৰ্ভুক্ত নিৰ্বাচন আয়ুক্তসকলৰ ভিতৰত এজন হ’ব পাৰে বা নতুন নাম এটা সিদ্ধান্ত ল’ব পাৰে।
এই আইনৰ অধীনত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীৰ নেতৃত্বত এখন অনুসন্ধান সমিতিয়ে পাঁচজন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰে। বৰ্তমান অৰ্জুন ৰাম মেঘৱাল আইন আৰু ন্যায় মন্ত্ৰী। ইয়াৰ পিছত এই তালিকাখন প্ৰধানমন্ত্ৰী, লোকসভাত বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেবিনেট মন্ত্ৰীৰে গঠিত বাছনি সমিতিয়ে বিবেচনা কৰে। যদিহে একমতত উপনীত নহয়, কমিটীয়ে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নামটো নিৰ্ধাৰণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া