-প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰত বিধানসভাৰ বৈঠক অনুষ্ঠিত
কোকৰাঝাৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আজি প্ৰথমবাৰৰ বাবে পৰম্পৰা ভংগ কৰি গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) বিধানসভাত অনুষ্ঠিত হয়। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত বিধানসভাৰ বৈঠক অনুষ্ঠিত হৈছে। অৱশ্যে বাকী কাৰ্য্যবিধিসমূহ দিশপুৰৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব।
কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱা হয়। এই উপলক্ষে মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে আজি কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশনৰ বৈঠক অনুষ্ঠিত হৈছে ৷ শান্তি আৰু প্ৰগতিৰ বাবে এয়া আন এক মাইলৰ খুঁটি।
আজিৰ এই অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১২.০৪ মিনিটত ৭৯ পৃষ্ঠাৰ ভাষণ আৰম্ভ কৰি ১২.২৯ মিনিটত সামৰণি মাৰে। ভাষণত ৰাজ্যপালগৰাকীয়ে ৰাজ্য চৰকাৰৰ এই পৰ্যন্ত সাফল্য আৰু আগন্তুক সময়ত আয়োজন কৰিবলগীয়া কাৰ্যসূচীসমূহৰ ওপৰত আলোকপাত কৰে। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ, এডভান্টেজ আছাম ২.০, শিক্ষা, স্বাস্থ্য, মহিলা সৱলীকৰণ, অৰ্ধপৰিবাহী উৎপাদন ইউনিট, ইউৰিয়া উদ্যোগ, চাহ, ষ্টাৰ্টআপ আৰু অন্যান্য উদ্ভাৱনসমূহৰ ওপৰত আলোকপাত কৰা হয়।
ৰাজ্যপালৰ ভাষণৰ সময়ত বিৰোধীয়ে কোনো বাধা দিয়া নাছিল। অকলশৰীয়া ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ পৰিসংখ্যা আৰু বিটিআৰ শান্তি চুক্তিক লৈ আপত্তি উত্থাপন কৰিবলৈ চেষ্টা কৰাৰ সময়তহে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ মাজত বাধা দি কয় যে এয়া আলোচনাৰ সময় নহয়। তেওঁ অখিলক আসনত বহিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যপালৰ ভাষণৰ পিছত প্ৰায় ডেৰ ঘণ্টাৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰখা হয়।
আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ২৫ মাৰ্চলৈকে চলিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ