কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ভাৱমুৰ্তি বিনষ্ট কৰাৰ বাবে বিজেপিৰ ষড়যন্ত্ৰঃ ভুপেন বৰা
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় বিজেপি দলে বিৰোধী দল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত কৰা ভিত্তিহীন অভিযোগৰ আজি এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি(এপিচিচি)
এ পি চি চিৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ সংবাদমেল


গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় বিজেপি দলে বিৰোধী দল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত কৰা ভিত্তিহীন অভিযোগৰ আজি এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি(এপিচিচি)ৰ সভাপতি ভূপেন কুমাৰ বৰাই।

তেও উল্লেখ কৰে যে, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ এগৰাকী নিষ্ঠাবান ৰাজহুৱা সেৱক গৌৰৱ গগৈ আৰু তেওৰ পত্নী এলিজাবেথ কলবার্নৰ ভাবমূর্তিক কালিমা সনাৰ বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ প্রচেষ্টাক তীব্র গৰিহণা দিয়ে৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ভাৱমুৰ্তি বিনষ্ট কৰাৰ বাবে বিজেপিৰ এক ষৰযন্ত্ৰ বুলি তেও অভিহিত কৰে।

সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ শাসকীয় বিজেপি দলে উত্থাপন কৰা অভিযোগ অতিশয় হাস্যকৰ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰিছে। বিজেপিয়ে অপ প্ৰচাৰত লিপ্ত হৈছে, দলে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য প্ৰমাণ পোৱা নাযায়।

তেও উল্লেখ কৰে যে, বিজেপিৰ শাসন ব্যৱস্থাৰ বিফলতা, দুৰ্নীতি, নিবনুৱা সমস্যা, আৰু অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বিষয় সমূহ তলপেলাবলৈ বিজেপি এইদৰে কংগ্ৰেছ সাংসদ গৰাকীৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে।

বিৰোধী দলৰ কৰ্মী সদস্যক বদনাম কৰিবলৈ ব্যক্তিগত আক্ৰমণ ব্যৱহাৰ কৰাৰ ইতিহাস বিজেপিৰ। বিৰোধীৰ কণ্ঠক নিস্তব্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অগণতান্ত্ৰিক দৃষ্টিভংগীৰ আন এক উদাহৰণ এইটোৱেই।

যদি অভিযোগ সঁচা আছিল তেন্তে বিজেপি চৰকাৰে কিয় কোনো আনুষ্ঠানিক আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা নাই? চৰকাৰী তদন্তৰ অনুপস্থিতিয়ে প্ৰমাণ কৰে যে এই দাবীসমূহ ৰাজনৈতিক লাভালাভৰ বাবে ৰচনা কৰা হৈছে। ড. এলিজাবেথ কলবাৰ্ন জলবায়ু উন্নয়ন আৰু জ্ঞান নেটৱৰ্কৰ এগৰাকী অতি দক্ষ কৰ্মী। তেওঁৰ প্ৰমাণপত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত, আৰু তেওঁক পাকিস্তানৰ আই এছ আইৰ সৈতে সংযোগ কৰাটো এক অৰ্থহীন ষড়যন্ত্ৰমূলক তত্ত্বৰ বাহিৰে আন একো নহয়। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে বিৰোধী নেতাক বদনামী কৰিবলৈ সস্তীয়া কৌশলৰ আশ্ৰয় লৈছে।অসমৰ পৰা নিৰ্বাচিত কংগ্ৰেছৰ সাংসদ জনক আক্ৰমণ কৰি কংগ্ৰেছক দুৰ্বল কৰাৰ চেষ্টা চলাইছে।

অসমৰ জলন্ত সমস্যা বৰ্ধিত মূল্য, জনগোষ্ঠীয় সমস্যা, আৰু নিৱনুৱা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে বিজেপিয়ে অতি পৰিকল্পিত ভাবে বিতৰ্কৰে মানুহক অন্যমনস্ক কৰি তুলিবলৈ চেষ্টা কৰিছে। সাংসদ গৌৰৱ গগৈয়ে তেওৰ বিৰুদ্ধে উত্থাপন কৰা মানহানিকাৰক দাবীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্টকৈ কৈছে। ইয়াৰ দ্বাৰা আইনৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু বিজেপিৰ মিছা কথাৰ বিৰুদ্ধে থিয় দিয়াৰ দৃঢ়তা প্ৰকাশ পাইছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটি সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভুৱা অপপ্ৰচাৰ কৰাৰ পৰিৱৰ্তে প্ৰকৃত প্ৰমাণ দাঙি ধৰিবলৈ আমি বিজেপিক প্ৰত্যাহ্বান জনাইছো। অসমৰ ৰাইজে চাই আছে, আৰু এই ডাইভাৰচনেৰী কৌশলৰ দ্বাৰা তেওঁলোকক ক্ষতি কৰিব নোৱাৰে৷

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande