বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ০৮ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সদৌ বড়ো ছাত্ৰ সন্থা (আবছু)ৰ প্ৰতিষ্ঠাপক সভাপতি সমাজকৰ্মী তথা প্ৰখ্যাত সাহিত্যিক বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াৰ
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০৮ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সদৌ বড়ো ছাত্ৰ সন্থা (আবছু)ৰ প্ৰতিষ্ঠাপক সভাপতি সমাজকৰ্মী তথা প্ৰখ্যাত সাহিত্যিক বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়াৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বসুমতাৰীৰ সাহস, নেতৃত্ব, সমাজৰ বাবে কৰা ত্যাগক তেওঁ সন্মানেৰে স্মৰণ কৰে। তেওঁ কয় যে বড়ো আৰু অসমীয়া জনগোষ্ঠীয়ে তেওঁৰ অৱদান সদায় মনত ৰাখিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande