গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত অসমৰ তিনিজন যুৱকৰ মৃত্যু
গুৱাহাটী, ০৮ ডিচেম্বৰ (হি.স.)। গোৱাত যোৱা শনিবাৰৰ নিশা সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত নিহত হোৱা ২৫জন লোকৰ ভিতৰত অসমৰ তিনিজন যুৱকো আছে। অসমৰ পৰা নিহত যুৱক কেইজনৰ পৰিচয় ক্ৰমে মঞ্জিত মল, ৰাহুল তাঁতী, আৰু দিগম্বৰ পাতিৰ বুলি জানিব পৰা গৈছে। ৰাহুল তাঁত
গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত অসমৰ তিনিজন যুৱকৰ মৃত্যু


গুৱাহাটী, ০৮ ডিচেম্বৰ (হি.স.)। গোৱাত যোৱা শনিবাৰৰ নিশা সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত নিহত হোৱা ২৫জন লোকৰ ভিতৰত অসমৰ তিনিজন যুৱকো আছে। অসমৰ পৰা নিহত যুৱক কেইজনৰ পৰিচয় ক্ৰমে মঞ্জিত মল, ৰাহুল তাঁতী, আৰু দিগম্বৰ পাতিৰ বুলি জানিব পৰা গৈছে। ৰাহুল তাঁতী আৰু মনজিত মল কাছাৰ জিলাৰ বাসিন্দা হোৱাৰ বিপৰীতে দিগম্বৰ পাতিৰ ধেমাজিৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

যুৱক তিনিজনে অগ্নিকাণ্ড সংঘটিত হোৱা নাইট ক্লাবটোত কৰ্মচাৰী হিচাপে কাম কৰি আছিল। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ ফলত বহু লোক ওলাই আহবলৈ সুবিধা নাপালে।

এই ঘটনাৰ পিছত গভীৰ নিশালৈকে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত থাকে। বিষয়াসকলে জনোৱা মতে, মৃত লোকজনক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে। ইফালে, নাইটক্লাবটোৰ সুৰক্ষাৰ মানদণ্ডৰ গাফিলতিৰ তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande