
ঢাকা, ০৬ ডিচেম্বৰ (হি.স.)। বাংলাদেশত আতংকজনক হাৰত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২০০ জন নতুন ডেংগু ৰোগীক ভৰ্তি কৰা হৈছে। এই সময়ছোৱাত কোনো ডেংগু ৰোগীৰ মৃত্যু হোৱা নাই সেয়া সকাহৰ কথা। শুকুৰবাৰে স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ স্বাস্থ্য জৰুৰীকালীন অভিযান কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষই ডেংগু ৰোগীৰ তথ্য প্ৰকাশ কৰে।
বাংলাদেশৰ আগশাৰীৰ কাকত ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২০০ জন নতুন ডেংগু ৰোগীক ভৰ্তি কৰা হৈছে। নতুনকৈ ভৰ্তি হোৱা ৰোগীসকলৰ ভিতৰত ১৪ জন বৰিছাল সংমণ্ডল (পৌৰসভা এলেকাৰ বাহিৰত), ৯২ জন চিট্টগং সংমণ্ডল (পৌৰসভা এলেকাৰ বাহিৰত), ১৪ জন ঢাকা সংমণ্ডল (পৌৰসভা এলেকাৰ বাহিৰত), ৭২ জন ঢাকা উত্তৰ চহৰ নিগম (ডিএনচিচি), ৬ জন ঢাকা দক্ষিণ চহৰ নিগম (ডিএছচিচি), আৰু ২ জন খুলনা সংমণ্ডল (পৌৰসভা এলেকাৰ বাহিৰত)ত ভৰ্তি কৰা হৈছে।
বিভাগটোৱে উল্লেখ কৰিছে যে যোৱা ২৪ ঘন্টাত ডেংগুজনিত কোনো লোকৰ মৃত্যু হোৱা নাই। এই বছৰ ডেংগুত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৩৯৪ জন। এতিয়ালৈকে ৯৬,৮২৭ জন লোক ডেংগুত আক্ৰান্ত হৈছে, ইয়াৰে ৬৩% পুৰুষ আৰু ৩৭% মহিলা। বিগত বছৰ ২০২৪ চনত মুঠ ১০১,২১৪ জন লোক ডেংগুত আক্ৰান্ত হৈ ৫৭৫ জন লোকৰ প্ৰাণ হেৰুৱাইছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ