জ্ঞানপীঠ বঁটা বিজয়ী লেখক বিনোদ কুমাৰ শুক্লাৰ দেহাৱসান
ৰায়পুৰ, ২৩ ডিচেম্বৰ (হি.স.)। প্ৰখ্যাত হিন্দী কবি, গল্পকাৰ, ঔপন্যাসিক বিনোদ কুমাৰ শুক্লাৰ মঙলবাৰে সন্ধিয়া ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ৮৮ বছৰ বয়সত মৃত্যু হয়। যোৱা কেইমাহমান ধৰি অসুস্থ বিনোদ শুক্লা ৰায়পুৰৰ এইমছত চিকিৎসাধী
प्रख्यात कवि, कथाकार और उपन्यासकार विनोद कुमार शुक्ल


ৰায়পুৰ, ২৩ ডিচেম্বৰ (হি.স.)। প্ৰখ্যাত হিন্দী কবি, গল্পকাৰ, ঔপন্যাসিক বিনোদ কুমাৰ শুক্লাৰ মঙলবাৰে সন্ধিয়া ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ৮৮ বছৰ বয়সত মৃত্যু হয়। যোৱা কেইমাহমান ধৰি অসুস্থ বিনোদ শুক্লা ৰায়পুৰৰ এইমছত চিকিৎসাধীন হৈ আছিল।

শুক্লাক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈ যোৱা ২ ডিচেম্বৰত ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল। আজি সন্ধিয়া তেওঁৰ পুত্ৰ শশ্বৱত শুক্লাই তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।

বিনোদ কুমাৰ শুক্লাই নৌকৰ কি কামিজ, খিলেগা তো দেখেংগে, দীৱাৰ মেইন এক খিড়কী ৰহতি থী, এক চুপ্পী জগহ আদি প্ৰশংসিত উপন্যাস ৰচনা কৰিছিল। হিন্দী সাহিত্যৰ অন্যতম স্বকীয় আৰু অনন্য কণ্ঠ হিচাপে তেওঁক গণ্য কৰা হৈছিল। তেওঁৰ লেখা শৈলীক সহজ, অনন্য আৰু গভীৰভাৱে মন চুই যোৱা বুলি গণ্য কৰা হৈছিল।

হিন্দী সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদান, সৃষ্টিশীল উৎকৰ্ষতা আৰু সুকীয়া প্ৰকাশভংগীৰ বাবে তেওঁক ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান ৫৯ সংখ্যক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। চলিত বৰ্ষৰ ২১ নৱেম্বৰত ৰায়পুৰত তেওঁৰ বাসগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

চলচ্চিত্ৰ নিৰ্মাতা মণি কৌলে বিনোদ কুমাৰ শুক্লাৰ উপন্যাস নৌকৰ কি কামিজক একে নামৰ এখন ছবিলৈ ৰূপান্তৰিত কৰে। শুক্লাৰ দ্বিতীয়খন উপন্যাস দীৱাৰ মেইন এক খিড়কী ৰেহতি থীই লাভ কৰে সাহিত্য অকাডেমী বঁটা।

কবি হোৱাৰ উপৰিও তেওঁ আছিল এজন আগশাৰীৰ চুটি গল্পকাৰ। তেওঁৰ উপন্যাসসমূহে হিন্দী ভাষাত এখন মৌলিক ভাৰতীয় উপন্যাস সৃষ্টিৰ বাট মুকলি কৰিছে। তেওঁ লোককথা আৰু আধুনিক মানুহৰ জটিল অস্তিত্ববাদী আকাংক্ষাৰ প্ৰকাশক একেলগে সন্নিৱিষ্ট কৰি এক নতুন আখ্যান গাঁথনি উদ্ভাৱন কৰিছে। তেওঁৰ উপন্যাসৰ জৰিয়তে তেওঁ নিপুণভাৱে আমাৰ দৈনন্দিন জীৱনৰ আখ্যান সমৃদ্ধি উলিয়াই আনিছে। মধ্যবিত্তীয় জীৱনৰ বিভিন্ন সূক্ষ্মতাক সন্নিৱিষ্ট কৰা তেওঁৰ অনন্য চৰিত্ৰসমূহে ভাৰতীয় কল্পকাহিনীত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande