বুধবাৰৰ পৰা আৰ বি আইৰ মুদ্ৰানীতি পৰ্যালোচনা বৈঠক
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ পঞ্চম মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠক বুধবাৰে অনুষ্ঠিত হ’ব, যিটো বুধবাৰ, ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ৫ ডিচেম্বৰলৈকে চলিব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
आरबीआई के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ পঞ্চম মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠক বুধবাৰে অনুষ্ঠিত হ’ব, যিটো বুধবাৰ, ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ৫ ডিচেম্বৰলৈকে চলিব।

আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত ঘোষণা কৰিব । এইবাৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰিজাৰ্ভ বেংকৰ সুদৰ হাৰ (ৰেপো ৰেট) ০.২৫ শতাংশ হ্ৰাস কৰাৰ ঘোষণা কৰিব পাৰে। মঙলবাৰে অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে পঞ্চমখন মুদ্ৰানীতি সমিতিৰ বৈঠকত ৰিজাৰ্ভ বেংকে নিজৰ নীতিগত সুতৰ হাৰ (ৰেপ’ ৰেট) ০.২৫ শতাংশ হ্ৰাস কৰিব পাৰে।

আৰ বি আইৰ গৱৰ্ণৰ মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছিল।

গতিকে এইবাৰ আৰ বি আইয়ে পলিচিৰ সুতৰ হাৰ ২৫ বেচিছ পইণ্ট অৰ্থাৎ ০.২৫ শতাংশ কৰ্তন কৰিব পাৰে বুলি আশা কৰা হৈছে। এইবাৰ যদি আৰ বি আইয়ে কৰ্তন কৰে তেন্তে এই হাৰ হ’ব ৫.২৫ শতাংশ। যদি এনেকুৱা হয় তেন্তে ঋণৰ ইএমআই হ্ৰাস পাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande