টাটা প্ৰযুক্তিৰ দক্ষতা, নিয়োগ, উদ্যমিতা প্ৰযুক্তি কেন্দ্ৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানক ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ হস্তান্তৰ
ডিব্ৰুগড়, ০২ ডিচেম্বৰ (হি.স.)। টাটা প্ৰযুক্তিৰ দক্ষতা, নিয়োগ, উদ্যমিতা প্ৰযুক্তি কেন্দ্ৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানক ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ হস্তান্তৰ। প্ৰয়াত বিশিষ্ট উদ্যোগ-পতি ৰতন টাটা গোটৰ টাটা প্ৰযুক্তিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ
টাটা প্ৰযুক্তিৰ দক্ষতা, নিয়োগ, উদ্যমিতা প্ৰযুক্তি কেন্দ্ৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানক ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ হস্তান্তৰ


ডিব্ৰুগড়, ০২ ডিচেম্বৰ (হি.স.)। টাটা প্ৰযুক্তিৰ দক্ষতা, নিয়োগ, উদ্যমিতা প্ৰযুক্তি কেন্দ্ৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানক ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ হস্তান্তৰ। প্ৰয়াত বিশিষ্ট উদ্যোগ-পতি ৰতন টাটা গোটৰ টাটা প্ৰযুক্তিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ বৰবৰুৱাস্থিত দক্ষতা, নিয়োগ, উদ্যমিতা, উদ্যোগ ৪ -প্ৰযুক্তি কেন্দ্ৰত টাটা প্ৰযুক্তিৰ বিষয় ববীয়া সকলে ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক হস্তান্তৰ কৰে। অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি এক মিনিট নীৰৱতাৰে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা জনায়।

ক্ৰীড়া সংগঠক ৰাজেশ বদন নায়কে আতঁধৰা অনুষ্ঠানটোত ডিব্ৰুগড় জিলা বৰবৰুৱা স্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ ৰাজু গোপালে কয় যে টাটা প্ৰযুক্তিৰ অন্তৰ্গত দক্ষতা, নিয়োগ, উদ্যমিতা প্ৰযুক্তি ৪-প্ৰযুক্তি কেন্দ্ৰৰ জৰিয়তে শিক্ষাৰ্থী সকলক প্ৰযুক্তি গত শিক্ষা প্ৰশিক্ষনৰ পিছত প্ৰযুক্তি মূলক দিশত অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে এই প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ প্ৰাপ্ত সকলে নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব। অনুষ্ঠানত টাটা প্ৰযুক্তিৰ বিষয় ববীয়া সকলে প্ৰযুক্তিৰ বিষয় বস্তু পৰ্যবেক্ষণ কৰি বৰবৰুৱাস্থিত ডিব্ৰুগড় জিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ গৰাকীক টাটা প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাৰ লগতে হস্তান্তৰ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande