ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাংলাদেশৰ দুখন নাও জব্দ, আটক ৩৫জন মাছমৰীয়া
- ভাৰতীয় ই ই জিত আটক হোৱা মাছমৰীয়াক ফ্ৰেছৰগঞ্জৰ মেৰিন পুলিচক গতাই দিয়া হৈছে নতুন দিল্লী, ১৮ ডিচেম্বৰ (হি.স.)। ভাৰতৰ সামুদ্ৰিক ডমেইনত শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সামুদ্ৰিক আইন প্ৰয়োগক শক্তিশালী কৰি তুলিছে। এই স
भारतीय ईईजेड में पकड़े गए मछुआरे


- ভাৰতীয় ই ই জিত আটক হোৱা মাছমৰীয়াক ফ্ৰেছৰগঞ্জৰ মেৰিন পুলিচক গতাই দিয়া হৈছে

নতুন দিল্লী, ১৮ ডিচেম্বৰ (হি.স.)। ভাৰতৰ সামুদ্ৰিক ডমেইনত শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সামুদ্ৰিক আইন প্ৰয়োগক শক্তিশালী কৰি তুলিছে। এই সন্দৰ্ভত আইচিজিৰ জাহাজ ‘অনমোল’-এ বংগ উপসাগৰত দুখন বাংলাদেশী নাও আটক কৰি ৩৫জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে। এই বাংলাদেশী মাছমৰীয়াসকলে অবৈধভাৱে ভাৰতীয় একচেটিয়া অৰ্থনৈতিক মণ্ডলত মাছ ধৰিছিল। তেওঁলোকৰ পৰা ৫০০ কিলোগ্ৰাম মাছও উদ্ধাৰ কৰা হয়। যোৱা তিনিমাহত আইচিজিয়ে জব্দ কৰিছে এনে আঠখন নাও।

আইচিজিৰ কমাণ্ডেণ্ট অমিত ইউনিয়ালে উল্লেখ কৰে যে ১৬ ডিচেম্বৰত উত্তৰ বংগ উপসাগৰত চলি থকা নিয়মীয়া চোৰাংচোৱাগিৰি অভিযানৰ সময়ত ‘অনমোল’ জাহাজখনে ভাৰতীয় ভূখণ্ডৰ ভিতৰত অবৈধভাৱে মাছ ধৰা দুখন বাংলাদেশী নাওক আটক কৰে। ভাৰতৰ সামুদ্ৰিক মণ্ডল আইন, ১৯৮১ উলংঘা কৰাৰ অপৰাধত এই নাওসমূহত থকা ৩৫ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হয়।দুয়োখন নাওৰ পৰা মাছ ধৰা সামগ্ৰী আৰু প্ৰায় ৫০০ কিলোগ্ৰাম মাছ জব্দ কৰা হয়, ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে ভাৰতীয় জলসীমাৰ ভিতৰত মাছ ধৰাৰ কাম চলি আছে।

তেওঁ উল্লেখ কৰে যে নাও আৰু ৩৫ জন মাছমৰীয়াক আটক কৰি ১৭ ডিচেম্বৰত ফ্ৰেজাৰগঞ্জত মেৰিন পুলিচক প্ৰযোজ্য আইন অনুসৰি অধিক আইনী ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হৈছিল। এই গ্ৰেপ্তাৰসমূহে ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষা, অবৈধ মাছ ধৰা ৰোধ আৰু এই অঞ্চলত কাম কৰা ভাৰতীয় মাছমৰীয়াসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আইচিজিৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে। বিগত তিনিমাহত আইচিজিয়ে একেধৰণৰ উলংঘাৰ বাবে ১৭০ জন ক্ৰু সদস্যসহ আঠখন বাংলাদেশী মাছ ধৰা নাও আটক কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande