
গুৱাহাটী, ১৮ ডিচেম্বৰ (হি.স.)। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত অক্ষয় পাত্ৰৰ খাদ্য শস্য কঢ়িয়াই অনা এখন বাহনত হঠাতে জালুকবাৰী অঞ্চলত অগ্নিকাণ্ড সংঘটিত হয়। আজি আমিনগাঁৱৰ পৰা জালুকবাৰীলৈ যাওঁতে পুৰণি শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এই ঘটনা।
প্ৰত্যক্ষদৰ্শীৰ মতে, গাড়ীখনৰ সন্মুখৰ পৰা বিশেষকৈ ইঞ্জিনৰ অংশৰ পৰা হঠাতে ধোঁৱা ওলাই আহিবলৈ ধৰিলে আৰু তাৰ কিছু সময়ৰ পিছতে গাড়ীখনত জুই লাগে। ঘটনাস্থলীত উপস্থিত থকা আন চালকসকলে পৰিস্থিতিৰ অনুধাৱন কৰি লগে লগে জালুকবাৰী আৰক্ষী থানাক খবৰ দিয়ে।
তথ্য লাভ কৰাৰ লগে লগে জালুকবাৰী আৰক্ষী, যান-বাহন আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎকালীন ব্যৱস্থাৰ ফলত জুই শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা হয়, যাৰ ফলত কোনো ধৰণৰ বৃহৎ ক্ষতি আৰু সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে গাড়ীখনৰ বৈদ্যুতিক বা যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত গাড়ীখনৰ সন্মুখৰ অংশ আৰু ইঞ্জিনৰ কিছু ক্ষতিসাধন হয়। অৱশ্যে এই কাণ্ডত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নগ’ল, সেয়া সকাহৰ কথা।
অগ্নিকাণ্ডৰ ফলত পুৰণি শৰাইঘাট দলঙেৰে কিছু সময় ধৰি যাতায়ত ব্যাহত হৈ পৰে। পিছত যান-বাহন আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলে আৰু ক্ৰমান্বয়ে যাতায়ত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল।
हिन्दुस्थान समाचार / অৰৱিন্দ