
ডিব্ৰুগড়, ১৬ডিচেম্বৰ (হি.স.)।
দুলীয়াজানত অঘটন । বনভোজ খাবলৈ গৈ এগৰাকী যুৱকৰ কৰুণ মৃত্যু । নিহত যুৱকজনক দুলীয়াজানৰ দ' হুকুটা গাঁৱৰ সপোন মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি বুলি জানিব পৰা গৈছে। জানিবপৰা মতে যোৱা দেওবাৰ প্ৰদীপ মাঝিয়ে কেইগৰাকীমান বন্ধুৰ সৈতে ঘৰৰ সমীপৰ এখন পথাৰত বনভোজ খাবলৈ গৈছিল। তাৰ পিচৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল। মঙলবাৰে স্থানীয় ৰাইজে পথাৰৰ মাজত থকা এটা পুখুৰীত যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পুখুৰীৰ পৰা প্ৰদীপ মাঝিৰ মৃতদেহটো উদ্ধাৰ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে নিহত প্ৰদীপ মাঝিৰ পিতৃ এগৰাকী বিশেষভাৱে সক্ষম লোক । ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ কৰুণ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পিতৃয়ে। এই ঘটনাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা