
নতুন দিল্লী, ১৬ ডিচেম্বৰ (হি.স.)। বিজয় দিৱস উপলক্ষে মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ‘পৰমবীৰ গেলেৰী’ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই গেলেৰীত দেশৰ সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰৰে সন্মানিত ২১ গৰাকী সাহসী জোৱানৰ আটাইকেইজনৰ প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছে।
এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) জেনেৰেল অনিল চৌহান, সেনা মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ.পি.
পৰমবীৰ গেলেৰীৰ লক্ষ্য হৈছে দৰ্শনাৰ্থীক জাতি ৰক্ষাৰ বাবে অদম্য সাহস, বীৰত্ব, আৰু ত্যাগ প্ৰদৰ্শন কৰা জাতীয় বীৰসকলৰ বিষয়ে জ্ঞান দিয়া। এই পদক্ষেপে মাতৃভূমিৰ সেৱাত প্ৰাণ আহুতি দিয়া সাহসী পুত্ৰসকলৰ স্মৃতিকো সন্মান জনোৱাৰ চেষ্টা কৰিছে।
এতিয়া পৰম বীৰ গেলেৰী স্থাপন কৰা কৰিডৰবোৰত পূৰ্বে ব্ৰিটিছ এডিচি (আইড-ডি-কেম্প)ৰ প্ৰতিকৃতি আছিল। ভাৰতীয় জাতীয় বীৰসকলৰ প্ৰতিকৃতি প্ৰদৰ্শনৰ এই পদক্ষেপক ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্তিৰ দিশত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে ভাৰতৰ চহকী সংস্কৃতি, ঐতিহ্য, গৌৰৱময় পৰম্পৰাক আত্মসাৎ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
উল্লেখযোগ্য যে পৰম বীৰ চক্ৰ ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা, যুদ্ধৰ সময়ত ব্যতিক্ৰমী বীৰত্ব, সাহস, পৰম ত্যাগৰ বাবে পুৰস্কৃত।
हिन्दुस्थान समाचार / অৰৱিন্দ