
পশ্চিম কাৰ্বি আংলং, ১৬ ডিচেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ সমূহীয়া পদত্যাগক লৈ প্ৰতিক্ৰিয়া। বিজেপিৰ সদস্য, কৰ্মী আৰু সমৰ্থককে কংগ্ৰেছ সজাই সমূহীয়া কংগ্ৰেছ দল ত্যাগৰ নাটক ৰচিছে বিজেপিয়ে।
একেজন ব্যক্তিকে বাৰম্বাৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি তুলিৰাম ৰংহাঙ বাহিনীয়ে সম্প্ৰতি মিছা অপপ্ৰচাৰ চলায় আছে বুলি অভিযোগসূচক মন্তব্য কৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখপাত্ৰ ধীৰেন টেৰণে। লগতে তেওঁ কয় যে যিদৰে স্বয়ং ধীৰেন টেৰণে তিনিমাহ পূৰ্বে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে ঠিক তেনেদৰে অনাগত দিনত বহু বিজেপি নেতাই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব বুলি তুলিৰাম ৰংহাংঙকো সকীয়াই দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা