কোকৰাঝাৰত ৰাজহুৱা বাথৌ পুজাত অংশগ্ৰহণ বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহি
কোকৰাঝাৰ, ১৬ডিচেম্বৰ (হি.স.)। বড়ো ভূমিৰ শান্তি , সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ সমূহীয়া বাথৌ খেৰাই পুজা। কোকৰাঝাৰ বডোফা নগৰস্থিত গ্ৰীণ্ডফিল্ডত দুলাৰাই বাথৌ গৌথুম(সদৌ বাথৌ ধৰ্মীয় সন্থা) ৰ উদ্বোগত আয়োজিত বাথৌ প্ৰাৰ্থনাত অংশগ্ৰহণ বি টি চি প্ৰধা
কোকৰাঝাৰত ৰাজহুৱা বাথৌ পুজাত অংশগ্ৰহণ বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহি


কোকৰাঝাৰ, ১৬ডিচেম্বৰ (হি.স.)।

বড়ো ভূমিৰ শান্তি , সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ সমূহীয়া বাথৌ খেৰাই পুজা।

কোকৰাঝাৰ বডোফা নগৰস্থিত গ্ৰীণ্ডফিল্ডত দুলাৰাই বাথৌ গৌথুম(সদৌ বাথৌ ধৰ্মীয় সন্থা) ৰ উদ্বোগত আয়োজিত বাথৌ প্ৰাৰ্থনাত অংশগ্ৰহণ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী।

হাগ্ৰামা মহিলাৰী সৈতে সমূহীয়া বাথৌ প্ৰাৰ্থনাত অংশ ললে অসমৰ কেবিনেট মন্ত্ৰী চৰন বড়ো, বি টি চিৰ ই এম ফ্ৰেছ মুছাহাৰী, পাৰিষদ জুবিৰাজ বসুমতাৰী।

বড়ো সকলৰ আদিম ধৰ্ম বাথৌ পুজাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীৰ সংবাদ মাধ্যমৰ আগত মন্তব্য....

বাথৌ ধৰ্ম হৈছে বড়ো সকলৰ আদিম ধৰ্ম। মই বাথৌ ধৰ্মৰ এগৰাকী ভক্ত।

প্ৰতি দিনে পুৱাই বৌৰাই বাথৌ ৰ ওচৰত সেৱা আগবঢ়াই নিজৰ কামত ওলাই যাওঁ।

আজি গ্ৰীণ্ডফিল্ডত আয়োজিত বাথৌ পূজাত অংশগ্ৰহণ কৰিব পাই মনত বহুত শান্তি আৰু আনন্দ লাভ কৰিছোঁ।

বি টি চিৰ সকলো জাতি জনগোষ্ঠীৰ শান্তি আৰু মঙ্গল কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ।

বাথৌ ধৰ্ম ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্বীকৃতি লাভ কৰিছে। প্ৰতিটো মঙলবাৰে বাথৌ ধৰ্মৰ পুজা অৰ্চনা কৰা হয়।

বি টি চিৰ সকলো জাতি জনগোষ্ঠীৰ শান্তি, সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ বাবে প্ৰতি বছৰে আয়োজন কৰি অহা হৈছে বাথৌ খেৰাই পুজা তথা সমূহীয়া প্ৰাৰ্থনা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande