তামুলপুৰত পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
তামুলপুৰ, ১৬ ডিচেম্বৰ (হি.স.)। পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰৰ বিদ্যালয় প্ৰাংগণতে ১৫ ডিচেম্বৰত কেভিএছ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ
পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কেভিএছ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন।


পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কেভিএছ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন।


পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কেভিএছ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন।


তামুলপুৰ, ১৬ ডিচেম্বৰ (হি.স.)। পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰৰ বিদ্যালয় প্ৰাংগণতে ১৫ ডিচেম্বৰত কেভিএছ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ দাসে ফুলাম গামোচাৰে তেওঁক আদৰণি জনায়। অনুষ্ঠানত প্ৰাথমিক শাখাৰ কিউবছ্ আৰু বুলবুল শাখাই জিলা আয়ুক্তৰ সন্মুখত আড়ম্বৰপূৰ্ণভাৱে আৰু উৎসাহেৰে বিভিন্ন কাৰ্যকলাপ প্ৰদৰ্শন কৰে। তাৰ পিছতে বিদ্যালয়ৰ স্কাউট এণ্ড গাইড শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ আৰু অনুপ্ৰেৰণামূলক কাৰ্যকলাপ প্ৰদৰ্শন কৰে। লগতে এখন বিশেষ প্ৰভাতী সভাৰ আয়োজন কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰীয়ে এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

উদ্বোধনী ভাষণত মুখ্য অতিথি পংকজ চক্ৰৱৰ্তীয়ে প্ৰভাতী সভাত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন তথা কিউবছ্, বুলবুল, স্কাউট এণ্ড গাইড শাখাৰ দ্বাৰা অনুষ্ঠিত কাৰ্যকলাপ সমূহৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে বিদ্যালয় খনে তামুলপুৰৰ বৃহত্তৰ অঞ্চলৰ শিক্ষাৰ্থী সকলৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থানান্তৰযোগ্য আৰু অস্থানান্তৰযোগ্য কৰ্মচাৰী সকলৰ সন্তান সকলৰ শিক্ষাৰ চাহিদা পূৰণৰ ক্ষেত্ৰত সকলো দিশতে অবিৰত অগ্ৰগতি লাভ কৰি আহিছে। তেওঁ ব্যক্ত কৰে যে বিদ্যালয় খনে আগলৈও শিক্ষাৰ্থী সকলক উৎকৃষ্ট মানৰ শিক্ষা প্ৰদানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। জিলা আয়ুক্ত গৰাকীয়ে বিদ্যালয় খনৰ যিকোনো উদ্যোগত শিক্ষাৰ্থী সকলৰ কল্যাণৰ হকে তেওঁৰ সহায় আৰু দিকনিৰ্দেশনা সদায় থাকিব বুলি পুনৰ উল্লেখ কৰে। কেভিএছ প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে বিদ্যালয় খনত প্ৰতিযোগিতা, আলোচনা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande