
ডিব্ৰুগড়, ১৬ ডিচেম্বৰ (হি.স.)।ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত ১২ ডিচেম্বৰৰ পৰা দহদিনীয়াকৈ ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হৈছে চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলা। বিগত চাৰিও দিনে গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ কৰিছেহি পঢ়ুৱৈ সকলে।
গ্ৰন্থ মেলাত বিশেষ সঁহাৰি পোৱা গৈছে পঢ়ুৱৈ সকলৰ। ভিৰ কৰিছে নৱ প্ৰজন্মৰ পঢ়ুৱৈ সকলে। প্ৰথিতযশা লেখক সাহিত্যিকৰ পৰা ন ন লেখাৰুৰ অনেক গ্ৰন্থ বিপনী হোৱাই আছে গ্ৰন্থৰ বাকৰিত। এইবাৰ ডিব্ৰুগড় গ্ৰন্থ মেলাত বিশেষ চৰ্চাত আছে এখন গ্ৰন্থ। জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰাৰ জুবিন বৈভৱ নামৰ গ্ৰন্থখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পঢ়ুৱৈ সকলৰ মাজত। গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ বিশেষ সহাৰিৰ পিছত এতিয়া দ্বিতীয় সংস্কৰণৰ দিশত জুবিন বৈভৱ। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ ই এখন অতি উৎকৃষ্ট গ্ৰন্থ ৰূপে পঢ়ুৱৈ সমাজৰ মাজত সমাদৃত হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা