
কামৰূপ, ১৬ ডিচেম্বৰ (হি.স.)। পলাশবাৰীত আৰক্ষীৰ বৃহৎ সফলতা ৷ জব্দ কৰিলে ৭৯ কিঃগ্ৰাঃ গাঞ্জা সহ এখন বিলাসী বাহন আৰু গাঞ্জা সৰবৰাহকাৰী ৷আজি পুৱতি নিশা প্ৰায় ৪ বজাত এক গোপন সুত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সিমান্তৰ হাতীগড় চ’কত জব্দ কৰিবলৈ সক্ষম হয় ধৃত গাঞ্জা বেপাৰী গৰাকীক ৷
প্ৰাপ্ত তথ্য অনুসৰি মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ, মৈৰাং থানাৰ অন্তৰ্গত নংখ্লাও অঞ্চলৰ জ্ৰানচিং ৱালাং নামৰ এই লোকজনে আন এগৰাকী সহযোগীৰে সৈতে মুদুকিলৈ বুলি আনিছিল প্ৰায় ৭৯ কিঃগ্ৰাঃ গাঞ্জা ৷গাড়ীৰ সৈতে মুদুকিৰ ফালে যাব বুলি খবৰ পাইছিল আৰক্ষীয়ে ৷ উক্ত খবৰৰ ভিত্তিতেই আজি পুৱতি নিশা প্ৰায় ৪ বজাত চলোৱা এক অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এই বৃহৎ পৰিমানৰ গাঞ্জা সহ এমএল ১৫ ০৮২৮ নম্বৰৰ এখন বাহন আৰু এইগৰাকী জ্ৰানচিং ৱালাং নামৰ গাঞ্জা বেপাৰীক ৷
আনহাতে আৰক্ষী যোৱাৰ উমান পাই উক্ত স্থানৰ পৰাই পলাবলৈ সক্ষম হয় আন গৰাকী সহযোগী ৷ সম্প্ৰতি পলাশবাৰী আৰক্ষী থানাত লোক জনক ৰাখি ২০(চি)২৯ৰ অধিনত ৩২২/২৫ নম্বৰৰ আধাৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ