
নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ৰাজ কুমাৰ গোৱেলক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায় ।
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, উচ্চপদস্থ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ