অটল বিহাৰী বাজপেয়ীয়ে লাভ কৰিছিল তিনিজন সৰসংঘচালকৰ পূৰ্ণ সমৰ্থন
ৰামানুজ শৰ্মা, নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। দেশৰ উদাৰ ৰাজনৈতিক মতাদৰ্শৰ পথ প্ৰদৰ্শক হিচাপে বিখ্যাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীয়ে সমগ্ৰ ৰাজনৈতিক জীৱনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ ৰীতি নীতি আৰু মূল্যবোধৰ মাজত
অটল বিহাৰী বাজপেয়ী


ৰামানুজ শৰ্মা,

নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। দেশৰ উদাৰ ৰাজনৈতিক মতাদৰ্শৰ পথ প্ৰদৰ্শক হিচাপে বিখ্যাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীয়ে সমগ্ৰ ৰাজনৈতিক জীৱনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ ৰীতি নীতি আৰু মূল্যবোধৰ মাজত সাঙোৰ খাই আছিল। এই কাৰণেই তেওঁ আৰ এছ এছৰ তিনিওজন প্ৰধানৰ সম্পূৰ্ণ মতাদৰ্শগত, নৈতিক, ৰাজনৈতিক সমৰ্থন লাভ কৰিছিল। এই কাৰণেই বাজপেয়ীয়ে পঞ্চম সৰসংঘচালক কে. সুদৰ্শনৰ সৈতে আদৰ্শবাদী মতাদৰ্শ আৰু ৰাজনৈতিক কৌশলৰ সন্দৰ্ভত জটিল মতভেদকো কোনো সংঘাত নোহোৱাকৈ, আনুগত্যশীল হৈ থকাত সফল হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সংবাদ মাধ্যমৰ উপদেষ্টা হিচাপে কৰ্মৰত জ্যেষ্ঠ সাংবাদিক অশোক টেণ্ডনে তেওঁৰ নতুন গ্ৰন্থ অটল স্মৃতিগ্ৰন্থ (অটল সংস্মৰণ)ত আৰ এছ এছৰ সৈতে বাজপেয়ীৰ সম্পৰ্কৰ বিশদ বিৱৰণ দাঙি ধৰিছে। বাজপেয়ীৰ আৰ এছ এছৰ লগত কোনো ধৰণৰ দূৰত্ব বা মতানৈক্য আছিল বুলি ধাৰণাটো গ্ৰন্থখনে খণ্ডন কৰিছে। বৰঞ্চ তেওঁৰ ওপৰত আৰ এছ এছৰ মূল্যবোধৰ গভীৰ আৰু স্থায়ী ছাপ উন্মোচন কৰে, যাৰ ফলত আৰ এছ এছে তেওঁৰ ৰাজনৈতিক পৰীক্ষা-নিৰীক্ষাৰ স্বীকৃতি লাভ কৰিছিল আৰু শেষত আৰ এছ এছৰ ৰাজনৈতিক শাখা ভাৰতীয় জনসংঘ আৰু পিছলৈ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত কেন্দ্ৰীয় স্থান লাভ কৰিছিল। গ্ৰন্থখন ১৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উন্মোচন কৰাৰ কথা ।

গ্ৰন্থখনত লেখকে উল্লেখ কৰিছে যে বাজপেয়ী ভাৰতীয় ৰাজনীতিৰ এক মেৰু নক্ষত্ৰ, যাৰ চমক আৰু উজ্জ্বলতাই এতিয়াও দেশ আৰু বিশ্বক নতুন দিশ আৰু প্ৰেৰণা প্ৰদান কৰে। বাজপেয়ীৰ উদাৰ ৰাষ্ট্ৰীয়তাবাদ আৰু ব্যৱহাৰিক ৰাজনীতিৰ দৃষ্টিভংগীয়ে পূৰ্ণ সমৰ্থন লাভ কৰে দ্বিতীয়জন সৰসংঘচালক মাধৱ সদাশিৱৰাও গোলৱালকাৰ উপাখ্যা গুৰুজী, তৃতীয়জন সৰসংঘচালক বালাছাহেব দেওৰাছ আৰু চতুৰ্থজন সৰসংঘচালক, অধ্যাপক ৰাজেন্দ্ৰ সিং ডাকনাম ৰাজু ভাইয়া। তিনিওজন সৰসংঘচালকেই বাজপেয়ীৰ মাজত আৰ এছ এছৰ গভীৰ মূল্যবোধক স্বীকৃতি দিছিল আৰু তেওঁৰ সততা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি নিষ্ঠাক স্বীকাৰ কৰি তেওঁক ৰাজনৈতিক পৰীক্ষা-নিৰীক্ষাৰ স্বাধীনতা প্ৰদান কৰিছিল। এই কাৰণেই তেওঁ এজন উদাৰ আৰু মধ্যপন্থী নেতা হিচাপে গ্ৰহণযোগ্যতা লাভ কৰিছিল।

দেশৰ প্ৰথম স্বেচ্ছাসেৱী প্ৰধানমন্ত্ৰী হিচাপে ৰাজনীতিৰ শিখৰত উপনীত হোৱাৰ সময়তে পঞ্চম সৰসংঘচালক কে. এছ সুদৰ্শনৰ পৰা আদৰ্শবাদী মতাদৰ্শ আৰু ৰাজনৈতিক আচৰণৰ ওপৰত মতভেদ বৃদ্ধি পায়, কিন্তু বাজপেয়ীয়ে নিজৰ মতাদৰ্শগত আনুগত্যৰ কোনো পৰিৱৰ্তন নকৰাকৈ এই জটিল পাৰ্থক্যসমূহৰ মাজত নিপুণতাৰে ভাৰসাম্য ৰক্ষা কৰিছিল। ইয়াৰ ফলত তেওঁৰ ভাবমূৰ্তিত কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল। আৰ এছ এছৰ নীতি-নিয়ম আৰু মূল্যবোধৰ প্ৰতি তেওঁক কোনেও কেতিয়াও সন্দেহৰ দৃষ্টিৰে চোৱা নাছিল; তেওঁ আছিল সকলোকে আকোৱালি লোৱা এজন ৰাজনীতিবিদ। এজন শক্তিশালী বক্তা, এজন ৰাজনৈতিক দূৰদৰ্শী, এজন দক্ষ প্ৰশাসক আৰু এজন সংবেদনশীল কবি হিচাপে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিয়ে প্ৰতিজন ভাৰতীয়ৰ ওপৰত মচিব নোৱাৰা চাপ ৰাখিছে। তেওঁ ৰাজনীতিক মানৱ মৰ্যাদা, সংলাপ, সহাৱস্থানৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিলে, যিটো বাৰ্তা আজিও প্ৰাসংগিক হৈ আছে।

আৰ এছ এছে মোক দেশ আৰু সমাজৰ বাবে জীয়াই থাকিবলৈ শিকাইছিল: অটল

অটল বিহাৰী বাজপেয়ীয়ে ২০০০ চনৰ ২৭ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল আৰু ১৯৩৯ চনত গোৱালিয়ৰত স্বেচ্ছাসেৱক হিচাপে দীক্ষা দিওতা আৰ এছ এছৰ প্ৰচাৰক নাৰায়ণ ৰাও টাৰ্টেক সাক্ষাৎ কৰে। অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী, কবি, ৰাজনীতিবিদ হিচাপে পৰিচিত হোৱাৰ বিপৰীতে তেওঁৰ আধ্যাত্মিক আৰু মতাদৰ্শগত সম্পৰ্ক স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৈতে আৰম্ভণিৰে পৰা আছিল। যুৱ অটলে কলেজত পঢ়ি থকাৰ সময়তে আৰ এছ এছ শাখালৈ যোৱা আৰম্ভ কৰিছিল আৰু ইয়াৰ পৰাই তেওঁৰ ৰাজনৈতিক আৰু সামাজিক চেতনাৰ আৰম্ভণি হৈছিল।

অটল জী আৰু আৰ এছ এছৰ মাজৰ সম্পৰ্ক কেৱল সাংগঠনিক নহয়, গভীৰ মতাদৰ্শগত, সাংস্কৃতিক, আৱেগিক সংযোগো আছিল। অটল জীয়ে প্ৰায়ে কৈছিল, আৰ এছ এছে মোক দেশ আৰু সমাজৰ বাবে জীয়াই থাকিবলৈ শিকাইছিল।

গুৰুজীৰ মতাদৰ্শৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছিল যদিও অটল জী আৰ এছ এছৰ প্ৰচাৰক হোৱা নাছিল

আৰ এছ এছৰ ধাৰণা, অনুশাসন, ৰাষ্ট্ৰীতীয়তাবাদৰ দ্বাৰা অটল জী গভীৰভাৱে প্ৰভাৱিত হৈছিল। গুৰুজী নামেৰেও পৰিচিত দ্বিতীয় সৰসংঘচালক মাধৱ সদাশিৱৰাও গোলৱালকাৰৰ বক্তৃতা আৰু মতাদৰ্শৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱিত হৈছিল। যদিও তেওঁ আৰ এছ এছৰ প্ৰচাৰক নহ’ল, তথাপিও আৰ এছ এছৰ ধাৰণা, অনুশাসন, ৰাষ্ট্ৰীয়তাবাদৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈ থাকিল। ১৯৫১ চনত যেতিয়া ভাৰতীয় জনসংঘ গঠন হৈছিল তেতিয়া আৰ এছ এছে ৰাজনৈতিক মঞ্চত সংগঠনটোৰ মুখখন প্ৰতিষ্ঠা কৰাত অটল জীক সমৰ্থন কৰিছিল। তেওঁ গুৰুজীৰ কথা, জীৱনশৈলী, দেশপ্ৰেমৰ পৰা প্ৰেৰণা লৈছিল আৰু এয়া ৰাজনৈতিক জীৱনত আত্মসাৎ কৰিছিল। অটলজীয়ে নিজেই স্বীকাৰ কৰিছিল যে গুৰুজী তেওঁৰ মতাদৰ্শগত মূল্যবোধৰ ভেটি। পিছলৈ ৰাজনীতিত প্ৰৱেশ কৰা আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলৰ ভিতৰত অটলজীক আটাইতকৈ প্ৰতিভাশালী বুলি গণ্য কৰা হৈছিল, আৰু গুৰুজীয়ে এই বিষয়ে স্পষ্টভাৱে অৱগত আছিল।

অটল বিহাৰী বাজপেয়ী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় সৰসংঘচালক বালাছাহেব দেওৰছৰ সম্পৰ্ক ভাৰতীয় ৰাজনীতি আৰু মতাদৰ্শগত আৰু সাংগঠনিক সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন। বালাছাহেব দেওৰছে বাজপেয়ীক ৰাষ্ট্ৰীয় নেতৃত্বৰ স্বাভাৱিক মুখ বুলি গণ্য কৰি কয় যে তেওঁ কেৱল ভাষণ দিয়াই নহয়, নিজৰ ধাৰণাক জীয়াই ৰাখে। যেতিয়া আৰ এছ এছৰ একাংশ জ্যেষ্ঠ স্বেচ্ছাসেৱকে বাজপেয়ীয়ে গান্ধীবাদী সমাজবাদ গ্ৰহণ কৰাত মতানৈক্য প্ৰকাশ কৰিছিল, তেতিয়া দেওৰছে তেওঁক সমৰ্থন কৰি কয় যে প্ৰতিটো সংগঠনে সময়ৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। যদি কোনো নেতা সৎ আৰু ৰাষ্ট্ৰীয়ভাৱে অনুপ্ৰাণিত হয় তেন্তে তেওঁক সুযোগ দিয়া উচিত। বাজপেয়ীয়ে বালাছাহেব দেওৰছকো এজন দূৰদৰ্শী হিচাপে উচ্চ সন্মান জনাইছিল। যেতিয়াই কোনো মতাদৰ্শগত বা কৌশলগত দ্বিধাদ্বন্দ্বৰ সন্মুখীন হৈছিল বাজপেয়ীয়ে বালাছাহেব দেওৰছৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিছিল। বালাছাহেব দেওৰছে বাজপেয়ীক ৰাজনৈতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’বলৈ অনুমতি দিছিল। এই কাৰণেই আছিল উদাৰবাদী আৰু মধ্যপন্থী নেতা বাজপেয়ী আৰ এছ এছৰ ব্যাপক সমৰ্থনত প্ৰধানমন্ত্ৰী হ’ব পাৰিছিল। ইয়াৰ ফলত সংগঠন আৰু ৰাজনৈতিক নেতৃত্বৰ মাজত পাৰস্পৰিক সন্মান, ধৈৰ্য্য আৰু দৃষ্টিভংগীৰে মতাদৰ্শ আৰু ৰাজনীতিয়ে ইটোৱে সিটোৰ পৰিপূৰক হ’ব পাৰিলে ।

ৰজ্জু ভাইয়াৰ সৈতে অটলজীৰ এক অতি বিশেষ আৰু স্বচ্ছ সম্পৰ্ক আছিল -

গোটেই সামাজিক আৰু ৰাজনৈতিক জীৱনত অটলজীৰ আৰ এছ এছৰ বহু বিশিষ্ট নেতাৰ সৈতে সম্পৰ্ক থাকিলেও এই সম্পৰ্কবোৰৰ কিছুমান বিশেষভাৱে অন্তৰংগ আছিল, যেনে সৰসংঘচালক অধ্যাপক ৰাজেন্দ্ৰ সিং ‘ৰাজু ভাইয়া’ৰ সৈতে তেওঁৰ বিশেষ আৰু স্বচ্ছ সম্পৰ্ক। ৰাজু ভাইয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চতুৰ্থ সৰসংঘচালক হোৱাৰ উপৰিও এলাহাবাদ বিশ্ববিদ্যালয়ৰ এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী আৰু অধ্যাপক আছিল। তেওঁ আছিল অতি পৰিশ্ৰমী ব্যক্তিত্ব। অটলজীৰ সৈতে তেওঁৰ সম্পৰ্ক কেৱল সাংগঠনিক নহয়, বন্ধুত্ব, পাৰস্পৰিক বুজাবুজি, আদৰ্শবাদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। ৰাজু ভাইয়াই বাজপেয়ীৰ ৰাজনৈতিক ভাৰসাম্য, মধ্যপন্থী ৰাষ্ট্ৰীয়তাবাদ আৰু ব্যৱহাৰিক দৃষ্টিভংগীক তেওঁৰ প্ৰজ্ঞা বুলি স্বীকাৰ কৰিছিল।

আৰ এছ এছৰ ভিতৰত যেতিয়াই অটলজীৰ উদাৰ ভাবমূর্তিক লৈ কিছু সমালোচনা হৈছিল, তেতিয়াই ৰাজু ভাইয়াই তেওঁক সদায় সমৰ্থন কৰিছিল। ৰাজু ভাইয়াই এবাৰ কৈছিল, অটলজীৰ দৰে মানুহ আৰ এছ এছৰ শক্তি কাৰণ তেওঁলোক জনসাধাৰণৰ সৈতে ধাৰণা সংযোগ কৰাৰ মাধ্যম হৈ পৰে। অটলজী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত বিশেষকৈ নৈতিক আৰু মতাদৰ্শগত সংকটৰ সময়ত ৰজ্জু ভাইয়াৰ পৰা প্ৰায়ে ব্যক্তিগত পৰামৰ্শ বিচাৰিছিল। ৰজ্জু ভাইয়াজীয়েও অটলজীক নিজৰ মতামত জাপি দিয়াতকৈ, আত্মনিয়ন্ত্ৰণৰ স্বাধীনতা দিছিল।

সুদৰ্শন আৰু অটলজীৰ মাজত শক্তিশালী মতাদৰ্শগত অনুশাসন আৰু এজন উদাৰ মনোভাৱৰ ৰাজনীতিবিদৰ ভাৰসাম্য আছিল -

এই গ্ৰন্থখনৰ মতে সুদৰ্শন আছিল এজন কঠোৰ স্বেচ্ছাসেৱক, চিন্তাবিদ, আৰু বিজ্ঞানসন্মত মানসিকতাৰ সংগঠক যিয়ে ২০০০ চনত আৰ এছ এছৰ পঞ্চম সৰসংঘচালক হিচাপে পৰিগণিত হৈছিল, যেতিয়া অটলজী আছিল বিভিন্ন মতাদৰ্শৰ দলৰ মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী। বাজপেয়ী আৰু পঞ্চম সৰসংঘচালক কে. এছ সুদৰ্শনৰ মাজৰ সম্পৰ্ক আদৰ্শবাদী মতাদৰ্শ আৰু ৰাজনৈতিক কৌশলৰ ভাৰসাম্যৰ এক জটিল আৰু গুৰুত্বপূৰ্ণ অধ্যায়। অটলজী এজন গণতান্ত্ৰিক আৰু উদাৰ মনোভাৱৰ ৰাজনীতিবিদ হোৱাৰ বিপৰীতে সুদৰ্শনজী আছিল এজন সবল মতাদৰ্শগত অনুশাসন, স্পষ্টবাদীতা আৰু সংগঠনমুখী সৰসংঘচালক।

দুয়োৰে মাজৰ সম্পৰ্কত সন্মান, সংলাপ আৰু সংঘাতৰ সৃষ্টি হৈছিল। যদিও দুয়োৰে উদ্দেশ্য একেই আছিল: ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ভাৰতৰ সাংস্কৃতিক পুনৰ্গঠন, তথাপিও তেওঁলোকৰ দৃষ্টিভংগী আৰু শৈলীৰ পাৰ্থক্য আছিল। সুদৰ্শনজীয়ে বিশ্বাস কৰিছিল যে বিজেপি ক্ষমতাত থাকিলে আৰএছএছৰ মতাদৰ্শক পূৰ্ণ শক্তিৰে ৰূপায়ণ কৰিব লাগে, যেনে সম নাগৰিকত্ব আইন, ৰাম মন্দিৰ আৰু ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰা বহুত্ববাদী গাঁথনি । ইয়াৰ পৰাই দুয়োৰে মাজত দৃষ্টিভংগীৰ মৌলিক পাৰ্থক্যৰ উন্মেষ ঘটিবলৈ ধৰিলে।

লেখকৰ মতে আৰ এছ এছৰ সীমাবদ্ধতা সন্দৰ্ভত অটলজীৰ স্পষ্ট বাৰ্তা আছিল যে ৰাজনীতি কেৱল সংগঠনৰ নিৰ্দেশৰ দ্বাৰা নহয়, নিজৰ বিবেচনাৰ দ্বাৰা পৰিচালিত হ’ব লাগে। অটলজী আৰু সুদৰ্শনজীৰ মাজত কেতিয়াও ব্যক্তিগত তিক্ততা নাছিল যদিও ৰাজনৈতিক আৰু মতাদৰ্শগত দূৰত্ব বৃদ্ধি পাইছিল। ক্ষমতাত থকাৰ সময়তো অটলজীয়ে আৰ এছ এছৰ প্ৰতি মৰ্যাদা আৰু সন্মান বজাই ৰাখিলেও সুদৰ্শনজীৰ কিছু আশাক তেওঁ স্পষ্টভাৱে অৱজ্ঞা কৰিছিল। ইয়াৰ ফলত সমাজৰ কিছুমান শ্ৰেণীয়ে অটলজীক অতি উদাৰ বা আৰ এছ এছৰ সৈতে মিল নথকা বুলি ভাবে। অটলজীৰ অগ্ৰাধিকাৰ আছিল গণতান্ত্ৰিক শাসন, মিত্ৰজোঁটৰ শিষ্টাচাৰ আৰু ৰাষ্ট্ৰীয় ঐকমত্য।

সুদৰ্শনজীৰ অগ্ৰাধিকাৰ আছিল মতাদৰ্শগত অখণ্ডতা আৰু হিন্দুত্বভিত্তিক নীতি

সৰসংঘচলক সুদৰ্শনজীৰ অগ্ৰাধিকাৰ আছিল মতাদৰ্শগত অখণ্ডতা, হিন্দুত্বভিত্তিক নীতি, সাংগঠনিক পথ প্ৰদৰ্শন। গতিকে অটলজীৰ মিত্ৰজোঁটৰ চৰকাৰে যেতিয়া হিন্দুত্ববাদী কিছুমান দাবীক সময়োপযোগী বুলি স্বীকৃতি নিদিলে, তেতিয়া সুদৰ্শনজীয়ে মুকলিকৈ অসন্তুষ্ট হৈ পৰিল। এই মতাদৰ্শগত পাৰ্থক্যই আৰ এছ এছ আৰু বিজেপিৰ সম্পৰ্ক সাময়িকভাৱে কিছু কঠিন কৰি পেলালে। বহু কৰ্মী বিমোৰত পৰিল: বিজেপিয়ে এতিয়া আৰএছএছৰ কথা শুনা নাই। অৱশ্যে অটলজীয়ে সংযমৰে আগবাঢ়ি গৈছিল আৰু আৰ এছ এছৰ সৈতে কেতিয়াও সংঘৰ্ষ পথত নগ’ল।

ৰাজনীতি নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয়, সংগঠনৰ নিৰ্দেশৰ দ্বাৰা নহয়: অটল জী

২০০৫ চনত বাজপেয়ী চৰকাৰৰ পতনৰ পিছত সুদৰ্শন জীয়ে অটলজী আৰু এল.কে. আদৱানী জীক ৰাজহুৱা মঞ্চৰ পৰা কৈছিল যে এতিয়া বাজপেয়ী আৰু আদৱানী জীয়ে ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে। বিজেপিক নতুন নেতৃত্বৰ প্ৰয়োজন। এই বক্তব্য আকস্মিক সমালোচনা নহয়, আৰ এছ এছ আৰু বিজেপি নেতৃত্বৰ মাজত সমন্বয়ৰ অভাৱৰ ৰাজহুৱা প্ৰকাশ আছিল। অটল জীয়ে এই বক্তব্যক দুখজনক আৰু অনুচিত বুলি অভিহিত কৰিছে। এই বিষয়ে সাংবাদিকসকলে সোধাত তেওঁ হাঁহি হাঁহি কয়, মই বিজেপিত আছো, আৰএছএছত নহয়। অটল জীয়ে লগতে কয়, ৰাজনীতি সংগঠনৰ নিৰ্দেশৰ দ্বাৰা নহয়, নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয়। কিন্তু এই কঠোৰ মন্তব্যই অটলজীৰ ভাবমূর্তিত কোনো ধৰণৰ নেতিবাচক প্রভাৱ পেলাব পৰা নাছিল ৷

লেখকৰ মতে, তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতো তেওঁৰ জীৱনকালত বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা তেওঁৰ উত্তৰাধিকাৰ কাঢ়ি নিবলৈ কেইবাটাও ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমৰ একাংশ লোকে তেওঁৰ এক সুকীয়া ব্যক্তিত্ব উপস্থাপন কৰাৰ চেষ্টা চলাইছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অমিত শ্বাহ, ৰাজনাথ সিং আদি বহু নেতাই অটলজীৰ অন্তিম যাত্ৰাত কেইবা কিলোমিটাৰ খোজ কাঢ়িছিল আৰু তেওঁলোকৰ প্ৰয়াত নেতাক শ্ৰদ্ধাঞ্জলি জনাইছিল, ইয়াৰ পৰা অটল জীৰ আত্মা ক'ত বাস কৰে সেই বিষয়ে বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰদান কৰিছিল। অশোক টেণ্ডনে গ্ৰন্থখনত কৈছে, মোক কিছুমান টিভি চেনেলত অটল জীৰ বিষয়ে চৰ্চা কৰিবলৈও আমন্ত্ৰণ জনোৱা হৈছিল আৰু কিছুমান এংকৰে ইচ্ছাকৃতভাৱে বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছিল যে অটল জীৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে বহু মতানৈক্য আছিল আৰু তেওঁ বিজেপিত অস্বস্তি অনুভৱ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande