
গুৱাহাটী, ১৪ ডিচেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ সময়চোৱাত সামগ্ৰীৰ আনলোডিঙৰ প্ৰদৰ্শনত প্ৰৱল গতিবেগ বজাই ৰাখিবলৈ সক্ষম হৈছে। উক্ত মাহত সৰ্ব্বমুঠ ১,১১৪ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়, যি পূৰ্বৰ বছৰৰ সংশ্লিষ্ট মাহৰ এই একেই সময়চোৱাত আনলোড কৰা ১০৩২ খন ৰেকৰ তুলনাত ৭.৯৫% উল্লেখনীয় বৃদ্ধি।
উক্ত মাহটোৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই এফচিআই চাউল, চেনি, নিমখ, খোৱা তেল, খাদ্যশস্য, সাৰ, চিমেণ্ট, কয়লা, পাচলি, অটোমোবাইল, টেংকাৰ আৰু অন্যান্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ সুগম পৰিবহণ নিশ্চিত কৰিছে। এই কনচাইন্টমেন্টসমূহ ইয়াৰ অধিক্ষেত্ৰৰঅধীনৰ বিভিন্ন স্থানত থকা গুডছ শ্বেডত উপযুক্তভাৱেআনলোড কৰা হয়।
মালবাহী ৰে’ল পৰিবহনৰ এক বৃহৎ অংশই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰে। চলিত বৰ্ষৰ নৱেম্বৰত কেৱল অসমতে ৬২৪খন ৰেক আনলোড কৰা হয়, য'ত ৩২৪ খনৰেক অত্যাৱশ্যকীয় সামগ্ৰীৰে পৰিবহন কৰা হয়। একেই সময়ছোৱাত ত্ৰিপুৰাত ৮৭, নাগালেণ্ডত ২৩, অৰুণাচল প্ৰদেশত ৮, মণিপুৰত ২৩, মেঘালয়ত ১ আৰু মিজোৰামত ১২ ৰেক আনলোড কৰা হয়। তদুপৰি, উ. পূ. সীমান্ত ৰেলৱে অধিক্ষেত্ৰৰ অধীনত অত্যাৱশ্যকীয় আৰু প্ৰয়োজনীয় উভয় সামগ্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগত ১৮৩ খন আৰু বিহাৰত ১৫৩ খন ৰেক আনলোড কৰা হয়।
অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ স্থিতিশীলপৰিবহনেস্থানীয় ৰাইজৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক কাম কাজক সমৰ্থন আৰু শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সকলো স্তৰতে অবিৰত নিৰীক্ষণে টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস কৰাৰ লগতে সামগ্ৰিকভাৱে আনলোডিঙৰ দক্ষতা বৃদ্ধি কৰাতো সহায় কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী