
কাঠমাণ্ডু, ০১ ডিচেম্বৰ (হি.স.)। আৰক্ষীয়ে ৭৪ কোটি টকাৰ ক্ৰিপ্টোকাৰেন্সী ৰেকেটৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ক্ৰিপ্টো ব্যৱসায়ত এসপ্তাহৰ ভিতৰত এইটোৱেই দ্বিতীয়টো বৃহৎ গ্ৰেপ্তাৰ।
আৰক্ষী অধীক্ষক পৱন কুমাৰ ভট্টৰাইৰ মতে, কাঠমাণ্ডুৰ বাসিন্দা আৰু মূলতঃ মৰাঙৰ ৩৬ বছৰীয়া বিশাল ডাংগোল আৰু কাঠমাণ্ডুৰ কলংকিৰ নিবাসী ৪৫ বছৰীয়া উমেশ শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাম কৰি কাঠমাণ্ডু জিলা আৰক্ষী চকীৰ এটা দলে সোমবাৰে বিজুলীবজাৰ অঞ্চলত লোক দুজনক আটক কৰে। আনহাতে ক্ৰিপ্টো লেনদেনত ব্যৱহৃত ৫টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
ভট্টৰাইয়ে উল্লেখ কৰে যে এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে। তেওঁ লগতে কয় যে এই সপ্তাহত এইটো দ্বিতীয় বৃহৎ গ্ৰেপ্তাৰ। যোৱা বছৰ ক্ৰিপ্টো ট্ৰেডিঙত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ