সোণ সৰবৰাহৰ গোচৰত দোহা আৰক্ষীয়ে আটক কৰিলে নেপাল এয়াৰলাইন্সৰ ক্ৰু মেম্বাৰ
কাঠমাণ্ডু, ০১ ডিচেম্বৰ (হি.স.)। সোণ সৰবৰাহৰ অভিযোগত ডোহা আৰক্ষীয়ে নেপাল এয়াৰলাইন্সৰ ক্ৰু মেম্বাৰ সন্দেশ তিৱাৰীক আটক কৰি ৰাখিছে । সোমবাৰে নেপাল এয়াৰলাইন্সে এক বিবৃতি প্ৰকাশ কৰি তিৱাৰীক তিনি মাহৰ বাবে নিলম্বন কৰা বুলি উল্লেখ কৰে। তিৱাৰীৰ পৰা উদ্ধা
नेपाल एयरलाइंस


কাঠমাণ্ডু, ০১ ডিচেম্বৰ (হি.স.)। সোণ সৰবৰাহৰ অভিযোগত ডোহা আৰক্ষীয়ে নেপাল এয়াৰলাইন্সৰ ক্ৰু মেম্বাৰ সন্দেশ তিৱাৰীক আটক কৰি ৰাখিছে । সোমবাৰে নেপাল এয়াৰলাইন্সে এক বিবৃতি প্ৰকাশ কৰি তিৱাৰীক তিনি মাহৰ বাবে নিলম্বন কৰা বুলি উল্লেখ কৰে। তিৱাৰীৰ পৰা উদ্ধাৰ হৈছে ৮ তোলা সোণ।

নেপাল এয়াৰলাইন্সৰ মুখপাত্ৰ অৰ্চনা খাড়কাই ২৯ নৱেম্বৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। ডোহাৰ পৰা কাঠমাণ্ডুলৈ আহিবলগীয়া আছিল আৰ এ ২৪০ নম্বৰৰ বিমান। দোহা বিমানবন্দৰৰ শুল্ক পৰীক্ষাৰ সময়ত তিৱাৰীৰ হাতত উদ্ধাৰ হয় ৮ তোলা সোণ। ইয়াৰ বাবেই বিমানখন প্ৰায় ৩৫ মিনিটৰ বাবে পলম কৰি ৰখা হয়। এই কথা নিশ্চিত কৰিছে নেপাল এয়াৰলাইন্সৰ দোহা ষ্টেচন মেনেজাৰ কৃষ্ণ বাজগাইয়ে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande