কইম্বাটুৰত ৭ৰ পৰা ৯ নৱেম্বৰলৈ সংস্কৃতি, সংস্কাৰ আৰু সংস্কৃতৰ বৃহৎ সমাৰোহ
কইম্বাটুৰ, ০৬ নৱেম্বৰ (হি.স.)। তামিলনাডুৰ কইম্বাটুৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ‘‘অখিল ভাৰতীয়ম অধিবেশনম ২০২৫’’ সমাৰোহখনি ভাৰতৰ আত্মা, বিশ্বাস আৰু নীতি-নিয়মৰ এক অনন্য সংগম হ’বলৈ সাজু হৈছে। এয়া হ’ব এক ভৱ্য কুম্ভ য’ত সংস্কৃতৰ কণ্ঠই অনুৰণন ঘটাব
‘‘অখিল ভাৰতীয়ম অধিবেশনম ২০২৫’’


কইম্বাটুৰ, ০৬ নৱেম্বৰ (হি.স.)। তামিলনাডুৰ কইম্বাটুৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ‘‘অখিল ভাৰতীয়ম অধিবেশনম ২০২৫’’ সমাৰোহখনি ভাৰতৰ আত্মা, বিশ্বাস আৰু নীতি-নিয়মৰ এক অনন্য সংগম হ’বলৈ সাজু হৈছে। এয়া হ’ব এক ভৱ্য কুম্ভ য’ত সংস্কৃতৰ কণ্ঠই অনুৰণন ঘটাব আৰু ভাৰতৰ চিৰন্তন পৰম্পৰাৰ প্ৰতিফলন ঘটিব। সংস্কৃত ভাৰতীৰ দ্বাৰা আয়োজিত এই তিনিদিনীয়া অধিৱেশনখন অহা ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ কইম্বাটুৰৰ এট্টিমাদৈৰ অমৃতা বিশ্ব বিদ্যাপীঠমত ভৱ্যৰূপত অনুষ্ঠিত হ’ব, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃত প্ৰেমী, পণ্ডিত, শিক্ষাবিদ, সাংস্কৃতিক ৰক্ষকসকলে অংশগ্ৰহণ কৰিব।

উদ্বোধনী অধিৱেশনত অবিনাশীৰ তিৰুপুক্কোঝিয়ুৰ অধিনামৰ শ্ৰীল শ্ৰী কামাক্ষীদাস স্বামীগল, মাতা অমৃতান্দময়ী মঠৰ স্বামী তপস্যামৃতানন্দপুৰী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ কাৰ্যৱাহ দত্তত্ৰেয় হোছাবালেই আশীবৰ্চন প্ৰদান কৰিব। সংস্কৃত ভাৰতীৰ সৰ্বভাৰতীয় সভাপতি অধ্যাপক গোপবন্ধু মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৰোহত মাদ্ৰাজ সংস্কৃত মহাবিদ্যালয়ৰ ড° মণি দ্ৰাবিড় শাস্ত্ৰী আৰু আই আই টি হায়দৰাবাদৰ সঞ্চালক অধ্যাপক বি. এছ মূৰ্তি বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । নিখিল ভাৰতীয় সাধাৰণ সম্পাদক সত্যনাৰায়ণ ভাটে আদৰণি ভাষণ প্ৰদান কৰিব।

এই উপলক্ষ্যত ৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে, য’ত বেদ, উপনিষদ, আয়ুৰ্বেদ, গণিত, বাস্তু আৰু নাট্যশাস্ত্ৰ আদি শাখা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই অধিৱেশনত সংস্কৃত পাঠদানৰ নতুন পদ্ধতি, আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰীকৰণ, ভাষাটোৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ আৰু বেদৰ পৰা বিজ্ঞানলৈ আৰু সংস্কৃতিৰ পৰা সমন্বয়লৈ আদি বিষয়সমূহৰ ওপৰত বিশেষজ্ঞ অধিবেশন অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়াসমূহত বৈদিক নৃত্য, সংগীত আৰু নাট্য অভিযোজনৰ জৰিয়তে ভাৰতীয় মূল্যবোধসমূহ প্ৰদৰ্শন কৰা হ’ব।

এই সংস্কৃত ভাৰতী সন্মিলন হৈছে ভাৰতৰ গৌৰৱময় পৰম্পৰা, জ্ঞান, বৈদিক চিন্তাধাৰাক আধুনিক যুগৰ চেতনাৰ সৈতে সংযোগ কৰাৰ বাৰ্তা প্ৰেৰণ কৰি ভাৰতীয় সংস্কৃতিৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰয়াস । এই অনুষ্ঠানটো কেৱল ভাষিক গৌৰৱৰ উৎসৱ নহয়, বৰঞ্চ ই সংস্কৃতি, মূল্যবোধ, আৰু ৰাষ্ট্ৰীয় পৰিচয়ৰ পুনৰুজ্জীৱনৰ প্ৰতীক হিচাপেও পৰিগণিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande