লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা
লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ।
লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা


হোজাই, ০৪ নৱেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱা কালি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লামডিঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাকামা বস্তিৰ তললৈ নামি, ছেগুন গাছত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰোৱাই পথত বাগৰি পৰে এখন ট্ৰাক |

উল্লেখ্য় যে শিলচৰ পৰা হোজাই অভিমুখী আহি আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খন। দুৰ্ঘটনা পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এএছ ০২ ডিটি ৮১৪৪ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ট্ৰাক খনৰ চালক আৰু পৰিচালক জন কথমপি ৰক্ষা পৰে । খবৰ পাই ঘটনা স্থলীত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande