
শিৱসাগৰ, ০৪ নৱেম্বৰ (হি.স.): শিৱসাগৰ জিলা আয়ুক্তৰ প্ৰতিনিধি হিচাপে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে যোৱা কালি সোমবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰাৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৫ নৱেম্বৰ তাৰিখে চৰকাৰীভাবে সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰায় পাঁচহাজাৰ লোকৰ লগতে বহু নবীন প্ৰবীণ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব মানুহে মানুহৰ বাবে ।
ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভতো সংবাদমেলত উল্লেখ কৰা হয় । লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্মজয়ন্তী সমাগত ৭ নৱেম্বৰ তাৰিখে দেশজুৰি পালন কৰাৰ সমান্তৰালকৈ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগতো সাংস্কৃতিক কাৰ্য্যসূচীৰ লগতে পদযাত্ৰাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত যুৱদলত আয়োজন কৰা হ’ব সাংস্কৃতিক কাৰ্য্যসূচী। জিলা শিক্ষা বিভাগৰ দ্বাৰা আকস্মিক বক্তৃতাৰ আয়োজন কৰা হৈছে । ইয়াত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ