
নগাঁও। ০৪ নৱেম্বৰ (হি.স.): নগাঁৱত ঘটিছে এক চাঞ্চল্য়কৰ ঘটনা। নগাঁৱত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ ৰ নামত ধন লৈ যোৱা কালি সোমবাৰে বিয়লি নিলম্বন হয় এজন লোক। নগাঁও ডচন বহুমুখী বিদ্যালয়ৰ তৃতীয় বৰ্গৰ সহায়ক প্ৰৱন বৰাক নিলম্বন কৰা হয়।
ইয়াৰ লগতে অধ্যক্ষ তপন বৈদ্যক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মায়ে অতৰ্কিত চলোৱা অভিযানত পোহৰলৈ আহে নিযুত মইনা আঁচনিৰ নামত ধন সংগ্ৰহৰ সমগ্ৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ