ধুবুৰীত পুনৰ আটক কুখ্যাত অপৰাধী
ধুবুৰীত পুনৰ আটক কুখ্যাত অপৰাধী মতলেপ আলী।
ধুবুৰীত পুনৰ আটক কুখ্যাত অপৰাধী


ধুবুৰী, ৩০ নৱেম্বৰ (হি.স.): ধুবুৰীত যোৱা কালি শনিবাৰে নিশা পুনৰ আটক হয় কুখ্যাত অপৰাধী মতলেপ আলী। এইবাৰ এগৰাকী কলেজীয়া ছাত্ৰীক অশ্লীল ভাষাৰে গালি গালাজ তথা ভাবুকি প্ৰদান কৰাৰ অভিযোগত আটক কৰা হয় গো-মাফিয়া গৰাকীক।

ধুবুৰী আৰক্ষীয়ে আটক কৰিলে মতলেপ আলীক। আটক কৰি গৌৰীপুৰ থানালৈ লৈ আনে মতালেৱ আলীক। দীৰ্ঘ দিনৰ পৰা ছাত্ৰী গৰাকীক বিভিন্ন প্ৰকাৰে মানসিক অশান্তি দি আহিছিল মতলেপ আলীয়ে। পূৰ্বেই গো-মাংস সৰবৰাহত গ্ৰেপ্তাৰ হৈছিল এইজন মতলেপ আলী।গৌৰীপুৰ আৰক্ষী থানাত ৰখা হৈছে কুখ্যাত গো মাফিয়া গৰাকীক।আৰক্ষীয়ে গৌৰীপুৰ থানাত ধৃত মতলেপ আলীক সোধা পোচা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande