বশিষ্ঠ আৰক্ষীৰ বৃহৎ অভিযান, মহানগৰীৰ কইনাধৰাত ৭ টাকৈ দুধৰ্ষ ডকাইত কৰায়ত্ত
গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বশিষ্ট আৰক্ষীয়ে এক সফল অভিযান চলাই ৭ টাকৈ দুধৰ্ষ ডকাইত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ লগতে বহু ঠাইৰ ডকাইতিৰ ঘটনাৰ লগত জড়িত আছিল এই ডকাইতৰ দলটো। মহানগৰীৰ কইনাধৰাৰ পৰা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডক
বশিষ্ঠ আৰক্ষীৰ বৃহৎ অভিযান, মহানগৰীৰ কইনাধৰাত ৭ টাকৈ দুধৰ্ষ ডকাইত কৰায়ত্ত


গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বশিষ্ট আৰক্ষীয়ে এক সফল অভিযান চলাই ৭ টাকৈ দুধৰ্ষ ডকাইত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ লগতে বহু ঠাইৰ ডকাইতিৰ ঘটনাৰ লগত জড়িত আছিল এই ডকাইতৰ দলটো।

মহানগৰীৰ কইনাধৰাৰ পৰা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক। ধৃত ডকাইত কেইটাক ক্ৰমে সূৰজ আলী, জাকিৰ হুছেইন, মহম্মদ আলী, আবুল কাছেম, আমিৰ হুছেইন, আলাউদ্দিন আৰু আইনুল হক বুলি চিনাক্ত কৰা হৈছে। কইনাধৰাৰ পৰা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেটা ডকাইতক। আৰক্ষীয়ে ডকাইতকেইঠাৰ পৰা জব্দ কৰে ৯৮,৫০০ টকা জালনোট, ১০ টা মোবাইল ফোন তথা এ এছ ০২ এ জি ৭৯০১ আৰু এ এছ ০৭ এক্স ১৬৬৬ নম্বৰৰ দুখন বাহন। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ডকাইতকেইটাক জেৰা চলায় আছে । ডিচিপি ইষ্ট মৃণাল ডেকাই আজি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande