
গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে সকলো জিলা উপায়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্সত অৰুণোদয়-৩ আৰু এল পি জি ৰাজসাহায্য আঁচনিৰ সুচাৰুৰূপে ৰূপায়ণৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰি কৰে । তেওঁ উল্লেখ কৰে যে দুয়োখন আঁচনিৰ সুবিধা সময়মতে আৰু কোনো বাধা নোহোৱাকৈ প্ৰতিটো যোগ্য পৰিয়াললৈ যাব লাগে।
মুখ্যমন্ত্রীয়ে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সম্পর্কীয় বিভিন্ন অন্তর্ভুক্ত কার্যসূচীৰ প্রস্তুতিও পর্যালোচনা কৰে ৷ তেওঁ সকলো বিভাগকে সুধাকণ্ঠৰ অৱদানসমূহ জনসাধাৰণৰ মাজলৈ সন্মানেৰে জনোৱাৰ বাবে সমন্বিত প্ৰচেষ্টা নিশ্চিত কৰিবলৈ আহ্বান জনায়।
ইয়াৰ উপৰিও মুখ্যমন্ত্রীয়ে শ্বহীদ দিৱসৰ প্রস্তুতি পৰ্যালোচনা কৰি অসম আন্দোলনৰ সকলো শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপযুক্ত ব্যৱস্থাৰ নিৰ্দেশ দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ