
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। অসম চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যৰ নগৰসমূহলৈ পৰিৱৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে । একেদৰে নাজিৰা আৰু শিমলুগুৰি নগৰৰ ৰাইজৰ সুবিধাৰ্থে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মুকলি কৰিলে অভিলাষী আঁচনি।
ৰাজ্যৰ চাৰিওদিশে উন্নয়ন কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। গাঁৱে-ভূঞে ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ সমান্তৰালভাৱে নগৰসমূহৰ উন্নয়ন কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰে অংশস্বৰূপে শিৱসাগৰ জিলাৰ নাজিৰা আৰু শিমলুগুৰি নগৰ দুখনৰ উন্নয়ন কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।
শিমলুগুৰি আৰু নাজিৰা নগৰৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰাৰ সমান্তৰালভাৱে নগৰ দুখনৰ ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে উপস্থিত হয় অসম চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। শিমলুগুৰি আৰু নাজিৰা পৌৰসভাৰ পঞ্চাদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা ৰূপায়ণ কৰা আৰু হাতত লোৱা অভিলাষী আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৭ কোটি টকাৰে নাজিৰা পৌৰসভাৰ অধীনৰ পানী যোগান আঁচনি, শ্মশান, পথ নিৰ্মাণ আদিৰ কেইবাখনো আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
ইয়াৰোপৰি ১৬ কোটি টকাৰে শিমলুগুৰি পৌৰসভা অধীনৰ আঠখনকৈ আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। অতি পুৰণি নগৰ হিচাপে পৰিচিত শিমলুগুৰি আৰু নাজিৰা নগৰত বিভিন্ন সমস্যা সদ্যহতে দেখা যায়। দীৰ্ঘদিনধৰি নগৰদুখনৰ ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও এই সমস্যাসমূহৰ সমাধান হোৱা নাই। ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰিলেহে যে প্ৰতিখন নগৰ সুন্দৰ হৈ উঠিব এই কথা চৰকাৰে বুজি উঠিছে বাবেই সমস্যাসমূহ সমাধানৰ স্বাৰ্থত দিন-ৰাতি এক কৰি ৰাইজৰ বাবে চৰকাৰে কাম কৰি গৈছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া