
শ্ৰীভূমি, ০২ নৱেম্বৰ (হি.স.)। শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ সমষ্টিত এটাৰ পিছত এটা চুৰিৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে! একেই নিশাত ৰাতাবাৰী আৰু ৰামকৃষ্ণনগৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত সংঘটিত পৃথক পৃথক চুৰি কাণ্ডত ৭টা গৰু, লক্ষাধিক টকাৰ সোনৰ অলংকাৰ আৰু মূল্যবান সামগ্ৰী চুৰি হোৱাৰ সংবাদ পোৱা গৈছে।
ৰাতাবাৰী থানাৰ ফানাইৰবন্দ গাঁৱৰ বিজয় কুমাৰ ৰবিদাস নামৰ গোৱালজনৰ ঘৰৰ পৰা তিনিটা গৰু চুৰি হৈছে, যাৰ আনুমানিক মূল্য দেড় লক্ষাধিক টকা । গম্ভীৰা কলনীৰ মন্টু নাথৰ দুটা বলধ গৰু আৰু ৰায়পুৰ গাঁৱৰ লনী দেবনাথৰ দুটা মূল্যবান গৰু চুৰি হৈছে।
ইপিনে, ৰামকৃষ্ণনগৰৰ লক্ষীনগৰত অৱসরপ্ৰাপ্ত শিক্ষক কল্যাণ চক্ৰৱৰ্তীৰ ঘৰত নিশা চোৰৰ দলে অভিযান চলায় । ঘৰৰ তালা ভাঙি লক্ষাধিক টকাৰ সোনৰ অলংকাৰ, মূল্যবান সামগ্ৰী আৰু প্ৰায় চাৰি হেজাৰ টকা নগদ লুটি নিয়ে চোৰৰ দলে। ঘৰৰ গৰাকি তলা উলমাই অসুস্থ আত্মীয়ক দেখিবলৈ গৈছিল নিশা। পোৱা ঘৰত উভতি আহি দেখিবলৈ পায়, ঘৰৰ দ্বাৰৰ তালা ভঙা আৰু দ্বাৰ খোলা হৈ আছিল । ঘৰৰ ভিতৰত ৰখা দুটাকৈ স্টিল আলমিৰাও ভঙা আছিল।
খবৰ পায় ৰামকৃষ্ণনগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলৰ ভিতৰৰে উদ্ধাৰ হৈছে চোৰৰ দলে ব্যৱহাৰ কৰা লোহাৰ চিপ্ৰাং। আনফালে অঞ্চলৰ এটি ঠাইত এজন লোকে দুটাকৈ গৰু লৈ যোৱা দেখি স্থানীয় ৰাইজে উভতি ধৰে লোকজনক । যদিও সেই গৰু দুটা চোৰ হোৱা গৰু নে, এয়া নিশ্চিত হোৱা নাই।
অঞ্চলটোত নেৰানেপেৰাকৈ সংঘটিত হৈ থকা চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। চোৰচক্ৰক চিনাক্ত কৰি কঠোৰ শাস্তি আৰু চুৰিৰ সামগ্ৰী উদ্ধাৰৰ দাবীত ৰাইজে আৰক্ষীক কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু