গহপুৰৰ গুৱাধৰাত ৰাসৰ পূৰ্ণ প্ৰস্ততি অব্যাহত
বিশ্বনাথ, ০২ নৱেম্বৰ (হি.স.)। সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ প্ৰস্ততি। শৰৎৰ নিশা কৃষ্ণ বন্দনাৰে মুখৰ হ''ব চৌদিশ। কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হ''ব গোপী সকল। গহপুৰৰ গুৱাধৰাত ৰাসৰ পূৰ্ণ প্ৰস্ততি অব্যাহত আছে। ৰাসৰ আখ
গহপুৰৰ গুৱাধৰাত ৰাসৰ পূৰ্ণ প্ৰস্ততি অব্যাহত


বিশ্বনাথ, ০২ নৱেম্বৰ (হি.স.)। সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ প্ৰস্ততি। শৰৎৰ নিশা কৃষ্ণ বন্দনাৰে মুখৰ হ'ব চৌদিশ। কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হ'ব গোপী সকল। গহপুৰৰ গুৱাধৰাত ৰাসৰ পূৰ্ণ প্ৰস্ততি অব্যাহত আছে। ৰাসৰ আখৰা চাবলৈ গঞা ৰাইজ গোট খাইছে ৰাসৰ আখৰা স্থলীত। শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতিত অঞ্চলটোৰ পুৰুষ মহিলা সমন্বিতে জৰিত হৈছে।গুৱাধৰাত এইবেলি মহিলা ৰাসৰ প্ৰস্তুতি চলিছে। সকলো ব্যস্ত ৰাসৰ আখৰাত।

ৰাসৰ আখৰাত অংশ গ্ৰহণ কৰা মহিলা সকলৰ ভিতৰত গৃহিনী,শিক্ষয়িত্ৰী,চৰকাৰী কৰ্মচাৰী,প্ৰৱক্তা,অধিৱক্তা,মহিলা উদ্য়োগী আদি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলা জৰিত আছে। বিভিন্ন পুৰুষৰ ভাৱত মহিলা সকলে অভিনয় কৰিব। ৰাসত ব্য়ৱহাৰ হব লগা সাজপোচাক সমূহ দুৰদুৰণিৰ পৰা সংগ্ৰহ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande