
বাক্সা, ০২ নৱেম্বৰ (হি.স.)। বাক্সাৰ উলুবাৰীত ৩ দিনীয়াকৈ ৫৭ সংখ্যক খেৰাই পূজা উদযাপন। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত উলুবাৰীত কালি নিশাৰে পৰা ৩ দিনীয়াকৈ উদযাপন কৰা হৈছে ৫৭ সংখ্যক খেৰাই পূজা। বড়ো জনগোষ্ঠীৰ এক উল্লেখযোগ্য় পুজা খেৰাই পূজা। কৃষক সকলে বছৰজুৰি কৰা কঠোৰ পৰিশ্ৰমৰ অন্তত যাতে ভাল ফচল পাই,কৃষি উৎপাদন বৃদ্ধি পাই তাৰ বাবে বড়ো জনগোষ্ঠীৰ লোক সকলে খেৰাই পূজা উদযাপন কৰে। কালি পূজাৰ মুখ্যদ্বাৰ উন্মোচন, মন্দিৰৰ দ্বাৰ উন্মোচন, মঞ্চৰ দ্বাৰ উন্মোচন, খেৰাই পূজা আৰম্ভ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উল্লেখ্য যে পূজাৰ আটাইকেইটা দিনতেই একাংকিকা নাট, নৃত্য প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কালি নিশা পূজাৰ কাৰ্যসূচীত কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ সমূহ ৰাইজে অংশগ্রহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা