নগাঁও কঠীয়াতলী গৰুবন্ধা গাঁৱত গৌৰিশ বৰাই ৰাস আৰু ভাওনাৰ বাবে পোছাক তৈয়াৰ কৰাত ব্যস্ত
নগাঁও, ০২ নৱেম্বৰ (হি.স.)। ৰাস আৰু ভাওনাৰ বাবে পোছাক নিৰ্মাণত ব্যস্ত এজন যুৱক। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত এতিয়া এক উদুলি মুদুলি পৰিবেশ । ৰাসৰ বাবে যেন সকলোৱে চলাই গৈছে পূৰ্ণ প্ৰস্তূতি । ত
নগাঁও কঠীয়াতলী গৰুবন্ধা গাঁৱত গৌৰিশ বৰাই ৰাস আৰু ভাওনাৰ বাবে পোছাক তৈয়াৰ কৰাত ব্যস্ত


নগাঁও, ০২ নৱেম্বৰ (হি.স.)। ৰাস আৰু ভাওনাৰ বাবে পোছাক নিৰ্মাণত ব্যস্ত এজন যুৱক। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত এতিয়া এক উদুলি মুদুলি পৰিবেশ । ৰাসৰ বাবে যেন সকলোৱে চলাই গৈছে পূৰ্ণ প্ৰস্তূতি । তাৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলী গৰুবন্ধা গাঁৱত গৌৰিশ বৰাই ৰাস আৰু ভাওনাৰ বাবে পোছাক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখা গ'ল ।

দেবেন্দ্ৰ পোছাক ভাণ্ডাৰত ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গৌৰিশে তৈয়াৰ কৰি আহিছে পোছাক সমূহ । উল্লেখযোগ্য যে, এই পোছাক ভাণ্ডাৰত উপলব্ধ ভিন্ন প্ৰকাৰৰ পোছাক । প্ৰয়াত দেবেন্দ্ৰ বৰাই তৈয়াৰ কৰা এই কৰ্মৰ এতিয়া চলাই গৈছে পুত্ৰ গৌৰিশ বৰাই । কিন্তু এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰ্মান্তিক ঘটনাৰ বাবে কিছু কিছু অঞ্চলত ৰাস উৎসৱ হ্ৰাস পাইছে যদিও ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৈয়াৰ কৰি ৰাখিছে পোছাক সমূহ । গৌৰিশৰ এনে প্ৰশংসনীয় পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চল বাসীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande