
যোৱা বছৰৰ আগষ্ট মাহত উৰাবাতৰি ওলাইছিল যে মাধুৰী দীক্ষিতে ‘মিচেছ দেশপাণ্ডে’ শীৰ্ষক ৱেব চিৰিজ এখন নিৰ্মাণ কৰি আছে। ।' বহু অপেক্ষাৰ অন্তত মাধুৰীয়ে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধাৰাবাহিকখন নিশ্চিত কৰে। অনুৰাগীসকলক স্নিক পিক দি ঘোষণা কৰে যে ধাৰাবাহিকখন অতি সোনকালে মুক্তি পাব। জিঅ’ হটষ্টাৰত মুক্তি পাব এই ধাৰাবাহিকখন। টিজাৰটোৰ মতে, ই ছাচপেন্স, থ্ৰিল, আৰু হৰৰৰে ভৰা, মাধুৰীক এতিয়ালৈকে তেওঁৰ আটাইতকৈ ক’লা অৱতাৰত প্ৰদৰ্শন কৰা হৈছে।
‘দ্য ফেম গেম’ত থকাৰ সময়ত তেওঁ নিজৰ নিৰুদ্দেশৰ কাহিনী ৰচনা কৰা এগৰাকী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, ইফালে ‘মিচেছ দেশপাণ্ডে’ত মাধুৰীয়ে এজন বিপদজনক ছিৰিয়েল কিলাৰৰ চৰিত্ৰত অভিনয় কৰিছে। ধাৰাবাহিকখনৰ পৰিচালক নাগেশ কুকুনুৰ। মাধুৰীক শেষবাৰৰ বাবে ২০২২ চনত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ‘মজা মা’ ছবিত দেখা গৈছিল।
শক্তিশালী অভিনয় আৰু নৃত্যৰে অনুৰাগীৰ হৃদয় শাসন কৰে মাধুৰী দীক্ষিত, কিন্তু শেহতীয়াকৈ বিতৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল মাধুৰী দীক্ষিত। কানাডাৰ টৰন্টোত শ্ব’টোত তেওঁৰ পলমকৈ অহা (প্ৰায় তিনি ঘণ্টা) দৰ্শকক ক্ষুব্ধ কৰি তুলিছিল আৰু তেওঁলোকে ছ’চিয়েল মিডিয়াত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। বিষয়টো তীব্ৰতৰ হোৱাৰ লগে লগে আয়োজকসকলে স্পষ্টীকৰণ দাঙি ধৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ