চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত সংসদ ভৱনত মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সংসদ ভৱন পৰিস
मल्लिकार्जुन खरगे, सोनिया गांधी और राहुल गांधी ने संसद भवन में सरदार पटेल की 150वीं जयंती पर दी श्रद्धांजलि


मल्लिकार्जुन खरगे, सोनिया गांधी और राहुल गांधी ने संसद भवन में सरदार पटेल की 150वीं जयंती पर दी श्रद्धांजलि


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সংসদ ভৱন পৰিসৰত থকা তেওঁৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই উপলক্ষে মল্লিকাৰ্জুন খৰ্গেৰ সৈতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা-সাংসদ উপস্থিত থাকে।

অনুষ্ঠানৰ সময়ত মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, আৰু ৰাহুল গান্ধীয়ে স্বাধীনতা সংগ্ৰাম আৰু দেশৰ একত্ৰীকৰণত চৰ্দাৰ পেটেলৰ ভূমিকাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আদৰ্শ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী প্ৰতি বছৰে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰা হয়। এইবাৰ তেওঁৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande