চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চৰ্দাৰ পেটেলৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে । ইয়াৰ পূৰ্বে ৰা
राष्ट्रपति द्रौपदी मुर्मु ने सरदार वल्लभभाई पटेल की 150वीं जयंती पर दी श्रद्धांजलि


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চৰ্দাৰ পেটেলৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কত উপস্থিত হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে চৰ্দাৰ পেটেলক ভাৰতৰ একত্ৰীকৰণৰ স্থপতি হিচাপে গণ্য কৰা হয়। তেখেতৰ জন্ম বাৰ্ষিকী আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande