

নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কয় যে যি সময়ত বিশ্ব অৰ্থনীতিৰ গাঁথনিগত পৰিৱৰ্তন ঘটিছে, সেই সময়ত ভাৰতৰ বাহ্যিক জোকাৰণি সহ্য কৰাৰ ক্ষমতা শক্তিশালী হৈ পৰিছে। দেশখনে কেৱল বিশ্বৰ অনিশ্চয়তাৰ সৈতে নহয়, বাণিজ্য আৰু শক্তিৰ ভাৰসাম্যহীনতাৰ সৈতেও মোকাবিলা কৰিব লাগিব বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে।
ইয়াত কৌটিল্য অৰ্থনৈতিক সন্মিলন ২০২৫ত ভাষণ দি এই মন্তব্য কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত শুল্কে বিশ্ব অৰ্থনীতিক নতুন ৰূপ দিছে, আনহাতে ভাৰতে ৮% মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ আকাংক্ষা কৰিছে। ভাৰতত ব্যক্তিগত খণ্ডই সুযোগ দেখিবলৈ আৰম্ভ কৰিছে বুলিও কয় ছাত্ৰীগৰাকীয়ে; মূলধনী ব্যয়ৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা অক্ষত আছে। ভাৰতত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ সুযোগ উদয় হৈছে, বিশেষকৈ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) প্ৰকল্পৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে।
তেওঁ কয়, এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি ৮ শতাংশ জিডিপি বৃদ্ধিৰ হাৰ লাভ কৰিব লাগিব। বিত্তমন্ত্ৰীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰশীলতাৰ জৰিয়তে উন্নত ভাৰত হোৱাৰ অৰ্থ এইটো নহয় যে আমি বন্ধ অৰ্থনীতি হ'ব বিচাৰো। ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে ৮ শতাংশ বৃদ্ধিৰ হাৰ বজাই ৰাখিব লাগিব বুলি উল্লেখ কৰি সীতাৰমণে জোৰ দি কয় যে চলি থকা বিশ্ব অস্থিৰতাই ভাৰতৰ জিডিপিত সীমিত প্ৰভাৱ পেলাব।
এই অনুষ্ঠানত উপস্থিত থাকে ১৫ নং বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিং, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বহুপক্ষীয় সহযোগিতাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশেষ উপদেষ্টা মাৰি এলকা পাংগেষ্টু আৰু লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ সভাপতি আৰু উপাচাৰ্য লেৰী ক্ৰেমাৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া