
কিছুদিন পূৰ্বে অভিনেতা জিতেন্দ্ৰ কুমাৰৰ আগন্তুক ছবি ভাগৱতৰ টিজাৰ মুক্তি পাইছিল। টিজাৰত জিতেন্দ্ৰ কুমাৰৰ অদৃশ্য চাৱনিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। একেদৰে বহু প্ৰচাৰিত ভাগৱতৰ ট্ৰেইলাৰ এতিয়া মুক্তি পালে। ট্ৰেইলাৰত নিৰীহ পঞ্চায়ত সচিবৰ পূৰ্বতে দেখা নোপোৱা, ভয়ংকৰ দিশ এটা উন্মোচিত হৈছে।
ভাগৱতৰ ট্ৰেইলাৰত আমি আৰম্ভণিতে চহৰখনত আক্ৰমণাত্মক আৰক্ষী বিষয়া হিচাপে পৰিচিত আৰ্শ্বাদ ৱাৰ্ছিক দেখিবলৈ পাওঁ। কৰ্মৰত জেলত তেওঁ এজন বন্দীক ইমানেই প্ৰহাৰ কৰে যে তেওঁৰ মৃত্যু হয়। তাৰ পিছত আৰ্শ্বাদে তেওঁৰ ছোৱালীজনী নিৰুদ্দেশ হোৱা বুলি অভিযোগ পায়। আৰ্শ্বাদে ছোৱালীজনীৰ দেউতাকক প্ৰতিশ্ৰুতি দিয়ে যে ১৫ দিনৰ ভিতৰত ছোৱালীজনীক ঘূৰাই আনিব। ইয়াৰ পিছত ট্ৰেইলাৰত জীতুৰ চিনাকি কৰাই দিয়া হৈছে। নিৰীহ চেহেৰাৰ জীতুৱে এগৰাকী ছোৱালীৰ প্ৰেমত পৰে, আৰু দুয়োৰে মাজত ৰোমান্টিক দৃশ্য দেখা যায়। ইয়াৰ পিছত আৰ্ছাদ ৱাৰ্ছিয়ে জীতুক গ্ৰেপ্তাৰ কৰে। জীতুৰ বিৰুদ্ধে কেইবাগৰাকীও ছোৱালী অপহৰণ কৰাৰ অভিযোগ, আৰু গোচৰটো আদালতত উপস্থিত হয়। তাৰ পিছত জীতুৱে উকীলৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ গোচৰটো যুঁজিবলৈ সিদ্ধান্ত লয়।
ট্ৰেইলাৰত কেইবাটাও টুইষ্ট এণ্ড টাৰ্ণ প্ৰকাশ পাইছে। তদুপৰি জীতুৰ লিপলক দৃশ্যও দেখা যায়। জীতুৰ ভয়ংকৰ অৱতাৰ দেখি সকলোৱে স্তম্ভিত হৈ পৰে। তদুপৰি আৰ্শ্বাদ ৱাৰছি আৰু জীতুৰ অভিনয়ৰ সংমিশ্ৰণো চোৱাৰ যোগ্য। এই ক্ৰাইম থ্ৰিলাৰখন ওটিটি প্লেটফৰ্ম জি৫ ত মুক্তি পাব আৰু ১৭ অক্টোবৰৰ পৰা ওটিটি ত উপলব্ধ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া