
আয়ুষ্মান খুৰানা আৰু ৰশ্মিকা মাণ্ডন্নাৰ ছবি ‘থামা’ৰ চমক বক্স অফিচত অব্যাহত আছে। মুক্তিৰ মাত্ৰ আঠ দিনৰ ভিতৰতে ছবিখনে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিলে। ইফালে হৰ্ষবৰ্ধন ৰাণে আৰু সোণম বাজৱাৰ ৰোমান্টিক নাটক ‘এক দীৱানে কি দীৱানিয়ত’য়েও লাহে লাহে দৈনন্দিন উপাৰ্জনত অগ্ৰগতি লাভ কৰিছে আৰু ‘থামা’ক প্ৰত্যাহ্বান জনাইছে।
'থামাৰ চেঞ্চুৰী'
মেডক ফিল্মছৰ হৰৰ-কমেডী বিশ্বব্ৰহ্মাণ্ডৰ অংশ এই ছবিখনেও সপ্তাহৰ দিনবোৰত ভাল প্ৰদৰ্শন কৰিছে। চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি ছবিখনে অষ্টম দিনত ₹৫.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ মুঠ উপাৰ্জন এতিয়া ₹১০১.১০ কোটি হৈছেগৈ। যদিহে বক্স অফিচৰ এই গতি অব্যাহত থাকে তেন্তে ছবিখনে অতি সোনকালে ১৫০ কোটি টকাৰ ক্লাবত যোগদান কৰিব।
'এক দীৱানে কি দীৱানিয়ত'ৰ শক্তিশালী যাত্ৰা-
৩০ কোটি টকাৰ বাজেটত নিৰ্মিত ‘এক দীৱানে কি দীৱানিয়ত’ ছবিখনে বাজেট আদায় কৰাই নহয়, হিট ছবিৰ শাৰীতো যোগদান কৰিছে। অষ্টম দিনা সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ৪.৩৫ কোটি টকা, যাৰ ফলত মুঠ উপাৰ্জন ৪৯.৩৫ কোটি টকা হৈছেগৈ। এটা আমোদজনক টুইষ্ট হ’ল ছবিখনে দৈনিক সংগ্ৰহত ‘থামা’ক নিকট প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দুয়োখন ছবিয়ে একেলগে বক্স অফিচক উন্মাদ কৰি তুলিছে। দৰ্শকে হাত চাপৰি বজাইছে, আৰু কাউণ্টাৰবোৰ নগদ ধনেৰে উপচি পৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ