হেণ্ড্ৰিক্স আৰু বছৰ জোৰত দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ত পাকিস্তানক ৫৫ ৰানত পৰাজিত
ৰাৱালপিণ্ডি, ২৯ অক্টোবৰ (হি.স.) অ’পেনাৰ ৰিজা হেণ্ড্ৰিক্স (৬০ ৰান, ৪০ বল) আৰু বেগী বলাৰ কৰ্বিন বছ (৪ উইকেট, ১৪ ৰান)ৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই মঙলবাৰে গভীৰ নিশা দক্ষিণ আফ্ৰিকাই পাকিস্তানক ৫৫ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ
शॉट खेलते ओपनर रीजा हेंड्रिक्स


ৰাৱালপিণ্ডি, ২৯ অক্টোবৰ (হি.স.) অ’পেনাৰ ৰিজা হেণ্ড্ৰিক্স (৬০ ৰান, ৪০ বল) আৰু বেগী বলাৰ কৰ্বিন বছ (৪ উইকেট, ১৪ ৰান)ৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই মঙলবাৰে গভীৰ নিশা দক্ষিণ আফ্ৰিকাই পাকিস্তানক ৫৫ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৯ উইকেটত ১৯৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত পাকিস্তানে ১৩৯ ৰানত অল আউট হয়।

কুইণ্টন ডি ককৰ সৈতে হেণ্ড্ৰিক্সে দ্ৰুত আৰম্ভণি (২৩ ৰান, ১৩ বল) আগবঢ়ায়। ইয়াৰ পাছতে অভিষেককাৰী টনি ডি জিঅৰ্জিয়ে ১৬টা বলত ৩৩ ৰান সংগ্ৰহ কৰে আৰু অল ৰাউণ্ডাৰ জৰ্জ লিণ্ডে ২২টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ মহম্মদ নৱাজে চমকপ্ৰদ বলিং কৰি ৪ অভাৰত ৩ উইকেটৰ বিনিময়ত ২৬ ৰান দিয়ে।

ইফাল লক্ষ্য অনুসৰণ কৰি পাকিস্তানী দলে দুৰ্বল আৰম্ভণি কৰিছিল। শীৰ্ষ অৰ্ডাৰ বেটছমেন ছেম আয়ুবে ২৮টা বলত ৩৭ ৰান সংগ্ৰহ কৰে যদিও আন বেটছমেনসকলে গতি লাভ কৰাত ব্যৰ্থ হয়। যোৱা বছৰৰ ডিচেম্বৰৰ পিছত প্ৰথমখন টি-২০ মেচ খেলি থকা অধিনায়ক বাবৰ আজমে দুটা বলৰ পিছতে শূণ্যত আউট হৈছিল । আজমক বছৰ বলত হেণ্ড্ৰিক্সে কেচ আউট কৰিছিল।

দক্ষিণ আফ্ৰিকাৰ হৈ লিণ্ডেয়েও বলিঙত সুন্দৰ অৰিহণা যোগাই ৪ অভাৰত ৩১ ৰানত ৩টা উইকেট দখল কৰে।

উল্লেখ্য যে অহা শুকুৰবাৰে লাহোৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন মেচ, লগতে শনিবাৰে তাতেই অনুষ্ঠিত হ’ব তৃতীয় আৰু অন্তিমখন খেল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande