নাইটহুদ সন্মানেৰে সন্মানিত ইংলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ জেমছ এণ্ডাৰছন
লণ্ডন, ২৯ অক্টোবৰ (হি.স.) ইংলেণ্ডৰ কিংবদন্তি বেগী বলাৰ তথা দলটোৰ সৰ্বোচ্চ টেষ্ট উইকেট দখলকাৰী জেমছ এণ্ডাৰছনক মঙলবাৰে উইণ্ডচৰ কেছলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ সময়ত ৰাজকুমাৰী এনীয়ে নাইটহুদ বঁটা প্ৰদান কৰে। ক্ৰিকেটত অসাধাৰণ অৱদানৰ বাবে ৪৩ বছৰীয়া এ
इंग्लैंड के दिग्गज तेज गेंदबाज जेम्स एंडरसन


লণ্ডন, ২৯ অক্টোবৰ (হি.স.) ইংলেণ্ডৰ কিংবদন্তি বেগী বলাৰ তথা দলটোৰ সৰ্বোচ্চ টেষ্ট উইকেট দখলকাৰী জেমছ এণ্ডাৰছনক মঙলবাৰে উইণ্ডচৰ কেছলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ সময়ত ৰাজকুমাৰী এনীয়ে নাইটহুদ বঁটা প্ৰদান কৰে। ক্ৰিকেটত অসাধাৰণ অৱদানৰ বাবে ৪৩ বছৰীয়া এণ্ডাৰছনে এই খিতাপ লাভ কৰে।

২০২৪ চনৰ জুলাই মাহত লৰ্ডছত ২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ ল’ব এণ্ডাৰছনে। তেওঁ ১৮৮খন টেষ্ট মেচত ৭০৪টা উইকেট দখল কৰিছিল— যিটো যিকোনো বেগী বলাৰৰ সৰ্বাধিক। তেওঁক অতিক্ৰম কৰিছে মাত্ৰ দুজন স্পিনাৰ— মুটিয়া মুৰালিথাৰণ (৮০০) আৰু শ্বেন ৱাৰ্ণ (৭০৮)।

টেষ্টৰ উপৰিও এণ্ডাৰছনে ৱান ডে ইণ্টাৰনেশ্যনেল মেচত ২৬৯টা উইকেট দখল কৰিছিল, যিটো ইংলেণ্ডৰ বাবে অভিলেখ, যদিও তেওঁ ২০১৫ চনত শেষ এদিনীয়া খেলিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এণ্ডাৰছনে ২০২৪ চনৰ ছিজনলৈকে নিজৰ কাউন্টি ক্লাব লেংকাশ্বাৰৰ হৈ খেলি থাকিব। প্ৰায় ১০ বছৰৰ পাছত টি-২০ ক্ৰিকেটলৈ উভতি অহা তেওঁ নিজৰ দলটোক এডগবাষ্টনত ফাইনেল ডে’ত প্ৰৱেশ কৰাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ উপৰিও তেওঁ দ্য হাণ্ড্ৰেড লীগত মানচেষ্টাৰ অৰিজিনেলছ দলৰ বাবে ৱাইল্ডকাৰ্ড চুক্তি লাভ কৰে। খবৰ অনুসৰি এণ্ডাৰছনে ২০২৫ চনৰ ছিজনৰ আৰম্ভণিতে কাউন্টি ক্ৰিকেট খেলাৰ বাবে আলোচনাত মিলিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande