
গাজা পট্টী, ২৯ অক্টোবৰ (হি.স.)। ইজৰাইলী সংৰক্ষিত জোৱান এগৰাকীক যোৱা কালি হত্যা কৰাৰ পিছত গাজাৰ বতাহ বাৰুদেৰে ভৰি পৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই হত্যাকাণ্ডৰ বাবে সন্ত্ৰাসবাদী সংগঠন হামাছক দোষাৰোপ কৰি ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আইডিএফৰ শেহতীয়া বিমান আক্ৰমণত কমেও ৩৩ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। গাজা চহৰ, বেইট লাহিয়া, আল-বুৰেইজ, নুচেইৰাট, খান ইউনিছত এই আক্ৰমণ সংঘটিত হৈছিল।
দ্য টাইমছ অৱ ইজৰাইলৰ মতে, গাজা ষ্ট্ৰিপত হামাছৰ দ্বাৰা পৰিচালিত অসামৰিক প্ৰতিৰক্ষা সংস্থাই দাবী কৰিছে যে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৩৩জন পেলেষ্টাইনী নিহত হৈছে। হামাছে দাবী কৰে যে জোৱানজনৰ হত্যাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংস্থাটোৰ মুখপাত্ৰ মাহমুদ বাছালে কয় যে আমাৰ দলসমূহে এতিয়াও ধ্বংসাৱশেষৰ তলৰ পৰা মৃত আৰু আহতসকলক উদ্ধাৰ কৰি আছে।
এই পৰিঘটনাৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে যিয়েই নহওক কিয় যুদ্ধবিৰতি বিপদত পৰা নাই। তেওঁ লগতে কয় যে ইজৰাইলৰ সৈন্যক লক্ষ্য কৰি ল’লে প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে। ইয়াৰ পূৰ্বে মঙলবাৰে বিয়লি সংৰক্ষিত জোৱানজনৰ হত্যাৰ খবৰৰ পিছতে সন্ধিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এক চমু বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে সেনাক ব্যাপক আক্ৰমণ চলাবলৈ নিৰ্দেশ দিছে। এই বিবৃতিৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে মঙলবাৰে গাজাত ইজৰাইলী সৈন্যক আক্ৰমণ কৰি হামাছে “ৰঙা ৰেখা” অতিক্ৰম কৰিলে আৰু ইয়াৰ মূল্য ভৰিব লাগিব। ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে হামাছৰ আক্ৰমণ সংঘটিত হৈছে “হালধীয়া ৰেখা”ৰ পূব দিশত, যিটোৱে যুদ্ধবিৰতি চুক্তিৰ অধীনত গাজাৰ ভিতৰত ইজৰাইলৰ নিয়ন্ত্ৰিত অঞ্চলটোক চিহ্নিত কৰে। খবৰ অনুসৰি মঙলবাৰে বিয়লি গাজাৰ দক্ষিণৰ ৰাফা চহৰত জোৱানৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।
চিকিৎসা সূত্ৰৰ উদ্ধৃতি দি আল জাজিৰা টিভিয়ে দাবী কৰিছে যে ইজৰাইলৰ সামৰিক আক্ৰমণত কমেও ৬৩ জন লোক নিহত হৈছে। চেনেলটোৰ মতে, ইয়াৰ ভিতৰত আছিল ২৪টা শিশু। ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৬৮,৫২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০,৩৯৫ জন লোক আহত হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত ইজৰাইলত মুঠ ১১৩৯ জন লোক নিহত হয় আৰু প্ৰায় ২০০ লোকক পণবন্দী কৰা হয়।
পেলেষ্টাইন ক্ৰনিকল কাকতত প্ৰকাশিত বাতৰি অনুসৰি গাজা চহৰৰ পশ্চিমে থকা ছাব্ৰা আৰু দক্ষিণ গাজাৰ খান ইউনিছৰ উত্তৰ-পশ্চিমে সংঘটিত হোৱা এই আক্ৰমণত ৭ জন লোক নিহত হৈছে। গাজাৰ জৰুৰীকালীন সেৱাই এই বোমা বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আল-আউদা হাস্পতালৰ সূত্ৰই জনোৱা মতে, মধ্য গাজাৰ নুছেৰাট শৰণাৰ্থী শিবিৰৰ দক্ষিণে থকা শৰণাৰ্থী তম্বুত আক্ৰমণত অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইজৰাইলৰ যুদ্ধ বিমানে গাজাৰ দক্ষিণ ৰাফাত হামাছৰ কেইবাটাও লক্ষ্যত বোমা বিস্ফোৰণ কৰাৰ লগতে গাজা চহৰৰ পূব দিশৰ অলিভছ অঞ্চলতো আক্ৰমণ কৰে।
কালি গাজাত হামাছৰ আক্ৰমণত ৰিজাৰ্ভ জোৱান ৩৭ বছৰীয়া মাষ্টাৰ চাৰ্জেণ্ট (অৱসৰপ্ৰাপ্ত) যোনা এফ্ৰাইম ফেল্ডবামৰ মৃত্যু হোৱা বুলি আইডিএফে নিশ্চিত কৰে। ফেল্ডবামে পশ্চিম পাৰৰ নেৰিয়া বসতিস্থলত সামৰিক যন্ত্ৰপাতি পৰিচালনা কৰিছিল। আইডিএফৰ প্ৰাৰম্ভিক তদন্তত দাবী কৰা হৈছে যে উগ্ৰপন্থীয়ে আৰপিজি আৰু স্নাইপাৰেৰে জোৱানৰ ওপৰত গুলীচালনা কৰে। আই ডি এফে অনুমান কৰিছে যে তাত উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে। যোৱা সপ্তাহত একেটা অঞ্চলতে একেধৰণৰ আক্ৰমণত দুজন জোৱান নিহত হৈছিল। দুয়োটা আক্ৰমণৰ বাবে ইজৰাইলে হামাছক জগৰীয়া কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ