
বাক্সা, ২৯ অক্টোবৰ (হি.স.)। বডোলেণ্ড শ্বহীদ ফুটবল প্ৰতিযোগিতা (Bodoland Martyrs Football )ৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে গোসাইগাঁৱৰ ছালবাগান এফ চি দলটিয়ে। কোকৰাঝাৰৰ বাৰহুংসা এথলেটিক ক্লাৱক ২–০ গ’লত পৰাজিত কৰি ছালবাগান এফ চি দলটোৱে পঞ্চদশ বডোলেণ্ড শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। মংগলবাৰে নিশা বৰমাৰ জুলি মৈদামত অনুষ্ঠিত হয় ১৫ সংখ্যক দিবা-নৈশ ৰ চূড়ান্ত খেলখন।
এই ফাইনেল খেলখনৰ উদ্বোধক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী, অসম ফুটবল এচোছিয়েচনৰ সম্পাদক ড° চানগ্ৰাং ব্ৰহ্ম, জনপ্ৰিয় বড়ো অভিনেত্ৰী ফুজি বসুমতাৰী । ড০ চানগ্ৰাং ব্ৰহ্মই শান্তিৰ পাৰ চৰাই উৰুৱাই দিয়ে। ফুজি বসুমতাৰীয়ে খেলখনত নৃত্য পৰিৱেশন কৰি কেইবাহাজাৰ দৰ্শকক আমোদ দিয়ে। খেলৰ পূৰ্বে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। নিশা ফাইনেল খেলখনত অংশগ্ৰহণ কৰে গোসাইগাঁওৰ ছালবাগান এফ চি আৰু বাৰহুংসা এথলেটিক ক্লাৱ, কোকৰাঝাৰে।
খেল আৰম্ভ হোৱাৰ কিছু সময় পিছতে গোসাইগাঁৱৰ ছালবাগান এফ চিয়ে বাৰহুংসা এথলেটিক ক্লাৱ কোকৰাঝাৰক এটা গ'ল দিয়ে। খেলৰ দ্বিতীয় অৰ্ধতো আন এটা গ'ল দি গোঁসাইগাঁও দলে ২-০ গলৰ ব্যৱধানত কোকৰাঝাৰ দলক হৰুৱাই ট্ৰফী দখল কৰে।
বিটিচিত ফুটবলৰ সম্ভাৱনা যথেষ্ট থকা বুলি দোহাৰি অসম ফুটবল সন্থা ফুটবলৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি যোৱা বুলি মত প্ৰকাশ কৰে অসম ফুটবল এচোছিয়েচনৰ সাধাৰণ সম্পাদক ড° চানগ্ৰাং ব্ৰহ্মই । অৱশ্যে কিছু সমস্যা থকা বুলি দোহাৰি সেইবোৰ সমাধান কৰি অসমৰ ফুটবলক আৰু অধিক আগুৱাই নিব পৰা যাব বুলি ব্য়ক্ত কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা