উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ আজিৰে পৰা তিনিদিনীয়া তামিলনাডু ভ্ৰমণ
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে আজিৰ পৰা (২৮-৩০ অক্টোবৰ) তিনিদিনৰ বাবে তামিলনাডু ভ্ৰমণ কৰিব । এই সময়ছোৱাত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ কয়ম্বাটুৰ, তিৰুপ্পুৰ, মাদুৰাই, আৰু ৰামনাথপুৰমত বিভিন্ন কাৰ্যস
উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ আজিৰে পৰা তিনিদিনীয়া তামিলনাডু ভ্ৰমণ


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে আজিৰ পৰা (২৮-৩০ অক্টোবৰ) তিনিদিনৰ বাবে তামিলনাডু ভ্ৰমণ কৰিব । এই সময়ছোৱাত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ কয়ম্বাটুৰ, তিৰুপ্পুৰ, মাদুৰাই, আৰু ৰামনাথপুৰমত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি আজি ছিচেলছৰ পৰা পোনপটীয়াকৈ কইম্বাটুৰত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী। ইয়াৰ পূৰ্বে ২৬-২৭ অক্টোবৰলৈকে তেওঁ ছিচেলছ ৰিপাব্লিকলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিছিল, য’ত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

কইম্বাটুৰ বিমানবন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱা হ’ব। কইম্বাটুৰ নাগৰিক মঞ্চত কইম্বাটুৰ জিলা ক্ষুদ্ৰ উদ্যোগ সন্থাত উপ-ৰাষ্ট্ৰপতিগৰাকীক সম্বৰ্ধনা জনোৱা হ’ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টাউন হল কৰ্পৰেশ্যন ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত কইম্বাটুৰৰ পেৰুৰ মঠত শান্তলিংগ ৰামছামি আদিগলাৰৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়া তিৰুপ্পুৰত উপস্থিত হৈ মহাত্মা গান্ধী আৰু তিৰুপ্পুৰ কুমাৰনৰ প্ৰতিমূৰ্তি পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

২৯ অক্টোবৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে তিৰুপপুৰত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া মাদুৰাইৰ মীনাক্ষী আম্মান মন্দিৰত পূজা অৰ্চনা কৰিব। অহা ৩০ অক্টোবৰত ৰামনাথপুৰম জিলাৰ পাছুম্পনত অনুষ্ঠিত হ’বলগীয়া পাছুম্পন মুথুৰামলিংগা থেৱৰ জয়ন্তী উদযাপনত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande