
টকিঅ’, ২৮ অক্টোবৰ (হি.স.)। এছিয়াৰ আনুষ্ঠানিক ভ্ৰমণলৈ যোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইঘণ্টামান পূৰ্বে টকিঅ’ত উপস্থিত হয়, যিটো তেওঁৰ ভ্ৰমণৰ দ্বিতীয় অৱস্থান। তেওঁ প্ৰথমে জাপানৰ সম্ৰাট নাৰুহিটোৰ সৈতে সাক্ষাৎ কৰিছিল। বৰ্তমান ট্ৰাম্পে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে মালয়েছিয়া ভ্ৰমণ কৰিছিল আৰু থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শান্তি ঘোষণা স্বাক্ষৰিত অংশগ্ৰহণ কৰিছিল।
দ্য জাপান টাইমছৰ তথ্য অনুসৰি মঙলবাৰৰ পৰা টকিঅ’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে প্ৰথমখন বৈঠক আৰম্ভ কৰে। বাণিজ্য আৰু নিৰাপত্তাৰ বিষয়বোৰ এজেণ্ডাত আছে।
ৰাজধানীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া আৰু বৈঠকৰ পূৰ্বে প্ৰায় ১৮ হাজাৰ আৰক্ষী বিষয়াক পথত নিয়োগ কৰা হৈছিল। ৰাতিপুৱাই গ্ৰেণ্ড আকাছাকা পেলেচত উপস্থিত হয় ট্ৰাম্প, য’ত তেওঁক আদৰণি জনায় হাঁহিমুখীয়া টাকাইচিয়ে। দুয়োজনে ইংৰাজীত দুই এটা শব্দৰ আদান-প্ৰদান কৰিলে।
এই ভ্ৰমণৰ সন্দৰ্ভত চিএনএনৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ শুল্ক আলোচনাপন্থীসকলেও চীনৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ কাঠামোত উপনীত হৈছে আৰু ইয়াৰ ফলত চীনৰ সামগ্ৰীৰ ওপৰত ১৫৭ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা স্থগিত হয়। ইয়াৰ উপৰ চলিত সপ্তাহৰ শেষৰ ফালে ট্ৰাম্প আৰু চীনৰ নেতা ছি জিনপিঙৰ মাজত সম্ভাৱ্য আলোচনাৰ ভিত্তি স্থাপন কৰে। কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে চীনৰ ওপৰত শুল্ক বৃদ্ধিৰ ধাৰণা এতিয়া “কাৰ্যকৰীভাৱে বিচৰাধীন” অৱস্থাত আছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে মালয়েছিয়াৰ পৰা জাপান ভ্ৰমণৰ সময়ত এয়াৰ ফৰ্চ ৱানত থকা সাংবাদিকসকলৰ সৈতে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ বিষয়ে চৰ্চা কৰে। এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে ২০২৮ চনত তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা মুকলি কৰি ৰাখিছিল। অৱশ্যে তেওঁ লগে লগে লগতে কয় যে তেওঁ “সঁচাকৈয়ে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ভবা নাই”।
ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ পিছত ৰিপাব্লিকান পাৰ্টিৰ নেতৃত্ব দিবলৈ সম্ভাৱ্য উত্তৰাধিকাৰীৰ কথাও ইংগিত দিয়ে। তেওঁ ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ শীৰ্ষ প্ৰতিদ্বন্দ্বী হিচাপে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সক মুখ্য দাবীদাৰ বুলি ব্যক্ত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ