ভাৰতৰ ওপৰত ব্যাপক আমদানি শুল্ক আৰোপ কৰাটো এটা বৃহৎ কৌশলগত ভুল - আমেৰিকাৰ প্ৰাক্তন বাণিজ্য সচিব
ৱাশ্বিংটন, ২৮ অক্টোবৰ (হি.স.)। আমেৰিকাৰ প্ৰাক্তন বাণিজ্য সচিব জিনা ৰাইমণ্ডোৱে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য নীতিক তীব্ৰ সমালোচনা কৰি কয় যে ভাৰতকে ধৰি ঘনিষ্ঠ অংশীদাৰ দেশসমূহৰ ওপৰত গধুৰ আমদানি শুল্ক আৰোপ কৰাটো “বৃহৎ কৌশলগত ভুল”। প
अमेरिका की पूर्व वाणिज्य मंत्री जीना रायमोंडो


ৱাশ্বিংটন, ২৮ অক্টোবৰ (হি.স.)। আমেৰিকাৰ প্ৰাক্তন বাণিজ্য সচিব জিনা ৰাইমণ্ডোৱে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য নীতিক তীব্ৰ সমালোচনা কৰি কয় যে ভাৰতকে ধৰি ঘনিষ্ঠ অংশীদাৰ দেশসমূহৰ ওপৰত গধুৰ আমদানি শুল্ক আৰোপ কৰাটো “বৃহৎ কৌশলগত ভুল”। প্ৰথম হোৱাৰ পৰিৱৰ্তে আমেৰিকাই নিজৰ মিত্ৰ দেশসমূহক ক্ষুব্ধ কৰি নিজকে বিচ্ছিন্ন কৰি তুলিছে।

মেছাচুচেটছৰ হাৰ্ভাৰ্ড কেনেডি স্কুলত দিয়া এক সাক্ষাৎকাৰত ৰাইমণ্ডোৱে এই মন্তব্য কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উপলব্ধ সাক্ষাৎকাৰটোত তেওঁ কয় যে ট্ৰাম্পৰ “আমেৰিকা ফাৰ্ষ্ট” নীতিয়ে “আমেৰিকা এল’ন”ৰ ৰূপ লৈছে, যিয়ে আমেৰিকাৰ বিশ্বব্যাপী সুনাম আৰু অংশীদাৰিত্ব দুয়োটাৰে ক্ষতি কৰিছে। ভাৰতৰ সৈতে আমি এটা ডাঙৰ ভুল কৰি আছো বুলিও কয় ছানীয়ে।ভাৰত কেৱল এখন বিশাল বজাৰেই নহয়, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ বাবেও এক মূল কৌশলগত অংশীদাৰ।

ভাৰতৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাটো বাণিজ্যিক দৃষ্টিকোণৰ পৰা অবাস্তৱ আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত থকা আস্থাৰ ভেটি ক্ষুণ্ণ হ’ব পাৰে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁ সকীয়াই দিয়ে যে যদিহে আমেৰিকাই ইউৰোপ, জাপান, ভাৰতৰ দৰে মিত্ৰ দেশসমূহৰ সৈতে নিজৰ সম্পৰ্ক দুৰ্বল কৰে তেন্তে ই এখন “দুৰ্বল আমেৰিকা”ত পৰিণত হ’ব।

ভাৰতীয় দৃষ্টিকোণৰ পৰা বিশেষজ্ঞসকলৰ মতে এই মন্তব্য এনে এটা সময়ত কৰা হৈছে যেতিয়া ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ) সন্দৰ্ভত অনিশ্চয়তা অব্যাহত আছে।

আমেৰিকা ভাৰতৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ, আৰু বৃদ্ধি পোৱা আমদানি শুল্কে ভাৰতীয় ৰপ্তানিকাৰকসকলক প্ৰভাৱিত কৰিব পাৰে।

বিশ্লেষকসকলে কয় যে এই পৰিস্থিতিত ভাৰতে নিজৰ আত্মনিৰ্ভৰ ভাৰত নীতিক অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়োজন যাতে কোনো এখন দেশৰ নীতিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল নহয়।

ইয়াৰ পূৰ্বেও কেইবাজনো বিশিষ্ট আমেৰিকাৰ ৰাজনীতিবিদে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতিক মুকলিকৈ সমালোচনা কৰিছিল আৰু এতিয়া দেশখনৰ বাণিজ্য ব্যৱস্থাৰ তদাৰক কৰা ৰাইমণ্ডোৱেও আমেৰিকাৰ ৰাজনীতিত এক উল্লেখযোগ্য ৰূপ লৈছে। এই মন্তব্যই ট্ৰাম্প প্ৰশাসনৰ বাণিজ্য নীতি আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কক লৈ আমেৰিকাত চলি থকা বিতৰ্ক তীব্ৰতৰ কৰি তুলিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande